সাৱধানঃ ৭ ডিচেম্বৰত আহি আছে!

 12/05/2021 - 12:50
 
 
নিউজ ডেস্কঃ বংগোপ সাগৰত ২৫ কিলোমিটাৰ গতিবেগত উত্‍পত্তি সাগৰীয় ঘূৰ্ণিৰ প্ৰভাৱ পৰিব অসমতো। অহা ৭ ডিচেম্বৰলৈ অসমৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ঠাইত বৰষুণৰ সম্ভাৱনা আছে।উল্লেখ্য যে, আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে বিশাখাপত্তনম, শ্ৰীকাকুলম, পুৰী, গঞ্জাম, গজপতি, ভদ্ৰক, বালাচোৰ আৰু নয়াগড় জিলা।
 
বতৰ বিজ্ঞান কেন্দ্ৰই সাগৰত মাছ মৰা, পৰ্যটন আৰু সোমবাৰলৈকে গভীৰ সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিছে।ইফালে উৰিষ্যা আৰু অন্ধ্ৰ প্ৰদেশত জাৰি কৰা ৰেড এলাৰ্টৰ বাবে, ৫ ডিচেম্বৰত অনুসূচীত ইউ জি চি-নেট পৰীক্ষা (ডিচেম্বৰ ২০২০আৰু জুন ২০২১) বাতিল কৰা হৈছে।
 
ইয়াক পুনৰ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ সংশোধিত ডাটাশ্বীট পৰৱৰ্তী সময়ত আপলোড কৰা হ’ব। ঘূৰ্ণীবতাহ জাৱাদৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি, উৰিষ্যা চৰকাৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় বালি কলা মহোৎসৱ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। উৎসৱটো বিখ্যাত কোণাৰ্ক মন্দিৰৰ ওচৰত অনুষ্ঠিত হৈছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.