12/05/2021 - 14:38
in
শালবাৰীঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অৱসৰপ্ৰাপ্ত বন বিষয়া ধৰনীধৰ বড়োলৈ ৰাজ্য চৰকাৰৰ "অসম গৌৱৰ বঁটা"। কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন বিষয়া হিচাপে আগবঢ়োৱা অনবৈদ্য অবদানৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰে এই বঁটা ঘোষণাৰ পিছতে আনন্দিত হৈ পৰে বন বিষয়া গৰাকীৰ লগতে তেওঁৰ শুভাকাংশীসকল।
নিজৰ জীৱনকো তুচ্ছ কৰি বন্যপ্ৰাণী সুৰক্ষাত নিয়োজিত আছিল বিষয়াগৰাকী ইয়াৰোপৰি অৱসৰ গ্ৰহণৰ পিছতো মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশেষভাৱে নিয়োজিত বিষয়া হিচাপে কৰ্মৰত হৈ আছে বিষয়াগৰাকী।
"অসম গৌৱৰ" বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে ৰাজ্য চৰকাৰ, বন বিভাগৰ সমূহ বিষয়া কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন কৰে বিষয়াগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৪ টা বছৰ কৰ্মজীৱন কটোৱাৰ পিছত মানাহ ৰাষ্ট্ৰীয় উদ্যানত কিছুবছৰ কৰ্মত নিয়োজিত হৈ অৱসৰ গ্ৰহণ কৰে বিষয়াগৰাকীয়ে।উল্লেখ্য যে ৰাজ্যখনৰ মুঠ ১৩ গৰাকী ব্যক্তিক অসম চৰকাৰে প্ৰদান কৰিব অসম গৌৰৱ বঁটা।