ৰৌতাত নিয়ন্ত্ৰণ হেৰুৱাই খালত বাগৰিল যাত্ৰীবাহী বাছ: কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ

 06/04/2019 - 18:44

ওদালগুৰি: আজি ৰাতিপুৱা ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাঁৱত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যাত্ৰী ভৰ্তি বাছখন বাগৰি পৰিল দ-খাৱৈত। শিহৰণকাৰী দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে প্ৰায় ৩০জন যাত্ৰীৰ। জানিব পৰা মতে আজি ৰাতিপুৱা তেজপুৰ দিশৰ পৰা AS-01Z-7346 নম্বৰৰ ASTC বাছখন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত ৰৌতাৰ ঝাৰগাঁৱত বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী বাইক আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বাছখন ঘাইপথৰ কাষত দ-খাৱৈত বাগৰি পৰে।

ফলত বাছখনত থকা বহুকেইজন যাত্ৰী কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।তাৰে ভিতৰত কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক হোৱাত স্থানীয় ৰাইজ আৰু ৰৌতা আৰক্ষী থানাৰ আৰক্ষীৰ তৎপৰতাত ১০৮ মৃত্যুঞ্জয়ৰ সহায়ত ৰৌতা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।