কঠিয়াতলীৰ নামবৰ পঞ্চায়তত এটা পথৰ আধাৰশিলা স্থাপন বিধায়ক জিতু গোস্বামীৰ

 12/05/2021 - 14:46
 
 
 
কামপুৰঃ আজি বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে সমষ্টিটোৰ কঠিয়াতলীৰ নামবৰ পঞ্চায়তত এটা পথৰ আধাৰশিলা স্থাপন কৰে।অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু অনুন্নত সম্প্ৰদায়ৰ বিভাগৰ দ্বাৰা অনুমোদিত পথটো নামবৰ লালুংগাঁও কনাইআটি চুক শিৱ মন্দিৰৰ পৰা নামবৰ লালুংগাঁও প্ৰাথমিক বিদ্যালয়লৈ চি চি ব্লকৰে নিৰ্মাণ কৰা হ’ব।
 
বিধায়ক জিতু গোস্বামীৰ লগত উপস্থিত থাকে, তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ নামবৰ সমষ্টিৰ পাৰিষদ ইন্দ্ৰ বৰদলৈ, বিজেপিৰ ৰাজ্যিক সদস্য বাবুল বৰা, বিজেপি কঠিয়াতলী মণ্ডলৰ সভাপতি চন্দন বৰা, সাধাৰণ সম্পাদক ৰূপাঙ্কৰ বৰদলৈ আদি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।