12/05/2021 - 15:55
in
শালবাৰীঃ বাক্সাৰ ৰাজাবিলত প্ৰায় ছয় ঘণ্টাজোৰা উৎকন্ঠাৰ অৱসান। অৱশেষত বন বিভাগে ট্ৰেংকুলাইজ কৰিলে নিশাৰ পৰা আতংকৰ সৃষ্টি কৰা এটা প্ৰকাণ্ড ভালুকক। পুৱাৰ পৰা স্বাসৰুদ্ধকৰ পৰিৱেশৰ মাজত সাতটা হাতী, জাল আদিৰে বন বিভাগৰ বৃহৎ দলে ট্ৰেংকুলাইজ কৰিবলৈ চেষ্টা অব্যাহত ৰখা ভালুকটোক তিনিবাৰকৈ ট্ৰেংকুলাইজ কৰিও ব্যৰ্থ হয়।
বন বিভাগৰ ছয় ঘন্টাজোৰা অভিযানৰ অন্তত ট্ৰংকুলাইজ কৰে। উল্লেখ্য যে কালি নিশাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা ভালুকে নিদ্ৰাহৰণ কৰিছিল বাক্সাৰ শালবাৰীৰ ৰাজাবিল অঞ্চলৰ ৰাইজৰ। নিশাৰ ভাগত কেইবাটাও পোহনীয়া জন্তু নিধন কৰিছিল ভালুকটোৱে। যাৰ ফলত আতংকৰ সৃষ্টি হৈছিল সমগ্ৰ অঞ্চলটোত। পিছত আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহবাৰী, ভূঞাপাৰা বনাঞ্চলিক বিষয়াৰ লগতে বিশেষ কৰ্তব্যৰত বিষয়া ধৰনীধৰ বড়োৰ নেতৃত্বত অহা চিকিৎসক, বনকৰ্মীৰ দলে ঘাহনিৰ মাজত ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় ভালুকটোক। পিছত বন বিভাগে ভালুকটো মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যায়।