12/05/2021 - 16:12
in
জামুগুৰিহাটঃ আঘোণৰ সোণোৱালী পথাৰত এতিয়া গঞাঁ ৰাইজৰ ব্যস্ততা। সোণগুটি চপোৱাত ব্যস্ত সকলো। এশবছৰীয়া পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটৰ দুখন গাঁৱৰ ৰাইজে সমূহীয়াভাৱে এশবিঘাৰো অধিক মাটিত কৰি অহা ধান খেতি চপাইছে একেলগে। ডেকাচুক আৰু গোধমৰাচুক গাঁও দুখনৰ পুৰুষ-মহিলা সকলোৰে আনন্দ মনৰে পথাৰত কাটিছে ধান।
আঘোণৰ পথাৰৰ সোণোৱালী ধাননিদৰা চপাই থকাৰ মাজতে কোনোৱে জুৰিছে বিহু গীত। যিটো সময়ত আমাৰ সমাজৰ পৰা যান্ত্ৰিকতাৰ প্ৰভাৱত পৰি সমূহীয়াভাৱে কৰা কিছু প্ৰথা নাইকিয়া হৈ যাবলৈ ধৰিলে সেই সময়তে জামুগুৰিহাটৰ এইদুখন গাঁৱৰ ৰাইজে এইদৰে এশবছৰীয়া পৰম্পৰা ৰক্ষা কৰি সমূহীয়াভাৱে কৰা ধান খেতি চপাই সীমাহীন আনন্দ লাভ কৰাৰ লগতে এশবছৰীয়া পৰম্পৰা ৰক্ষা কৰি অহাটো অত্যন্তই ইতিবাচক হিচাপে বিবেচিত হৈছে।