12/05/2021 - 17:44
in
ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমিপৰ বৰকুকুৰীয়াৰ ধাননি পথাৰত ভয়ংকৰ অগ্নিকাণ্ড। কৃষকে সৰিয়হ খেতি কৰিবলৈ নৰাত জুই লগাওঁতেই ঘটিল অগ্নিকাণ্ডৰ ঘটনা। যাৰ ফলত জুইত জাহ যায় ১০০ বিঘাৰো অধিক মাটিৰ ধান। স্থানীয় ৰাইজে জানিবলৈ দিয়ামতে বৰকুকুৰীয়া অঞ্চলৰ খেতি পথাৰত কৃষক ৰাইজে অতি আশাৰে বহু কষ্টকৰি ধানখেতি কৰিছিল।
মনত অলেশ সঁপোন লৈ কৃষক ৰাইজে ধান চপাবলৈ আৰম্ভ কৰাৰ সময়ত অঞ্চলটোৰ এজন কৃষকে তেওঁৰ ধান সমুহ আগতিয়াকৈ কাটিনি সেই ঠাইত পুণৰ সৰিহৰ খেতি কৰাৰ বাবে আজি দুপৰীয়াৰ ভাগত নৰাত জুই লগাই দিয়ে। পথাৰত বতাহ বলি থকা অৱস্থাত এনেদৰে নৰাত জুই লগাই দিয়াৰ লগে লগে মুহুৰ্ততে লেলীহান জুয়ে সমগ্র খেতিপথাৰ আগুৰি ধৰে।
ফলত ইতিমধে পথৰত কাটি থোৱা আৰু কাটিবলৈ বাকিথকা ধানসমুহ জুইত জাহ যায়। জুইয়ে প্ৰায় এশ বিঘা মাটিৰ ধান পুৰি চাই কৰি পেলোৱাৰ পিচত স্থানীয় ৰাইজে পথাৰত জুই লগা খবৰ পাই পথাৰলৈ আহি কান্দোনত ভাঙি পৰে। এজন কৃষকৰ এটা ভুলৰ বাবে এনেদৰে আন কৃষক সকলে বুকত বান্ধি ৰখা সকলো সপোন চুৰমাৰ হৈ যোৱাত অঞ্চলটোৰ পৰিয়াল সমুহৰ মাজত শোকাকুল পৰিবেশে বিৰাজ কৰিছে। এতিয়া বৰকুকুৰীয়া অঞ্চল কৃষকৰ এটাই চিন্তা বছৰটো কেনেকৈ চলিম, কেনেকৈ পৰিয়াল চলাম। ইফালে এতিমধ্যে ক্ষতিগ্ৰস্ত হোৱা কৃষকসকলে কাণ্ডজ্ঞানহীন কৃষকজনৰ পৰা ক্ষতিপূৰণ দাবী কৰিছে।