মানকাচৰৰ কালাপানীত নিচাজাতীয় টেবলেট, কফ চিৰাপসহ চাৰিজন ব্যৱসায়ীক আটক

 12/05/2021 - 18:44
 
 
 
মানকাচৰঃ মানকাচৰৰ কালাপানীত কালাপানী আৰক্ষীয়ে ১৪৪০টা নিচাজাতীয় SPS টেবলেট আৰু ৬০ টা ESKUF নামৰ কফ চিৰাপ জব্দ কৰিবলৈ বৈ সক্ষম হয়। উল্লেখ্য যে, দক্ষিণ শালমাৰা মানকাচৰ জালাৰ কালাপানী আৰক্ষী চকীৰ উপ পৰিদৰ্শক জয়ান্ত ৰাজখোৱাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ ভিত্তিত যোৱা কালিৰ পৰা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কালাপানী আৰক্ষী চকী এলেকাৰ কেইবাখনো ঠাইৰ পৰা মুঠ চাৰিজনকৈ ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। আটকাধীন ব্যক্তি চাৰিজন ক্ৰমে বাদশা সেখ (৩০) ময়নাল আলী (৪০) মনিৰুল হ'ক আৰু মনোৱাৰ আলী। শেহতীয়াকৈ আটাইকেইজনক অধীক তথ্যৰ বাবে কালাপানী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।