12/05/2021 - 18:52
in
ৰঙিয়াঃ সদৌ অসম চৰকাৰী এন পি এছ (NPS) কৰ্মচাৰী সন্থাৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভাখন দেওবাৰে ৰঙিয়াত অনুষ্ঠিত হয়। ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহ সভাত ৰাজ্যৰ ৩৩ জিলাৰ পৰা দুই শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা, সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মা, ৰঙিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক লৱকুমাৰ দাস কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।
সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ প্ৰাপ্য দাবী সমূহ অতিশীঘ্ৰে পূৰণ নকৰিলে কৰ্মচাৰী সন্থাই ৰাজপথলৈ ওলাই আহিব হুংকাৰ দিয়ে। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১০ দিন চাকৰি কৰিলেও ১০ লাখ টকা ডি চি আৰ জি প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল।
কিন্তু আজি সেই ঘোষণা কাৰ্যকৰী নোহোৱাত অৱসৰ গ্ৰহণ কৰা এন পি এছ কৰ্মচাৰী সকলে তীব্ৰ আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে। যদিহে চৰকাৰে অতিশীঘ্ৰে ডি চি আৰ জি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে আগন্তুক সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে।