নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথত মটৰচাইকল আৰু মাৰুতি চুজুকীৰ মুখামুখি সংঘৰ্ষঃ গুৰুতৰভাবে আহত দুজন

 06/04/2019 - 19:15

টুকটুকী: মৰণ ফান্দত পৰিণত হৈছে নগাঁও বটদ্ৰৱা ধিং সংযোগী গড়কাপ্তানী পথ। বিগত এটা বছৰ ধৰি ক্ৰমান্বয়ে জৰাজীৰ্ণ হ'বলৈ ধৰা পথটোত নিতৌ সংঘটিত হৈছে ইটোৰ পিছত সিটো দুৰ্ঘটনা। কাইলৈ হ'বলগীয়া পবিত্ৰ ইদুল ফিটৰ উখল মাখল পৰিৱেশৰ মাজতে মংগলবাৰে দুপৰীয়া ১২.৩০ বজাত নগাঁও বটদ্ৰৱা ধিং সংযোগী গড়কাপ্তানী পথৰ ভেটিয়নীত মটৰচাইকল আৰু মাৰুতি চুজুকীৰ এক মুখামুখি সংঘৰ্ষ হয়।

ঘটনাৰ বিবৰণী মতে নগাঁৱৰ পৰা বটদ্ৰৱালৈ আহি থকা এএছ০২এইচ০৩৬১ নম্বৰৰ মাৰুতি চুজুকী কাৰখনক ডুমডুমীয়াৰ পৰা নগাঁও অভিমুখে গৈ থকা এএছ ০২এছ২০১৭ নম্বৰৰ এখন দ্ৰুতবেগী পালচাৰে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। দুৰ্ঘটনাটোত মটৰচাইকল আৰোহী দুজন গুৰুতৰভাবে আহত হয়।

লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ আহতসকলক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।