নাওজান সাপ্তাহিক বজাৰ চৌহদত মহিলা সাপ্তাহিক বজাৰ মুকলি

 12/05/2021 - 19:33
 
 
গোলাঘাটঃ মহিলা সবলীকৰণ আৰু গ্ৰামাঞ্চলৰ মহিলাসকলক আত্মনিৰ্ভৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ, খণ্ড অভিযান পৰিচালনা শাখাৰ উদ্যোগত আজি নাওজান সাপ্তাহিক বজাৰ চৌহদত এখন মহিলা সাপ্তাহিক বজাৰ মুকলি কৰা হয়।
 
এই উপলক্ষে আয়োজিত অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰী বিশ্বজিৎ ফুকনে মহিলা বজাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত জিলা উপায়ুক্ত শ্ৰী মৃগেশ নাৰায়ণ বৰুৱা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী ধীৰাজ দাস, ধনশিৰি মহকুমাৰ মহকুমাধিপতি শ্ৰী ৰাহুল সুৰেশ জাভীৰ, জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক শ্ৰী অবিনাশ শইকীয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ জিলা প্ৰকল্প বিষয়া শ্ৰী মাধুৰ্য প্ৰসাদ বৰা, দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্ৰী লোকনাথ দাস আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন মহিলা আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত আছিল।
 
উল্লেখযোগ্য যে এই মহিলা বজাৰত বিভিন্ন আত্মসহায়ক গোটৰ সদস্যই নিজে উৎপাদন বা তৈয়াৰ কৰা সামগ্ৰীৰ উপৰি অন্য সামগ্ৰীও বিক্ৰী কৰিব পাৰিব। প্ৰতি দেওবাৰে এই মহিলা বজাৰ খোলা থাকিব। আজি প্ৰথমদিনাই মহিলা ব্যৱসায়ীসকলে ১৪৬ খন বিপনীত ১,৭০০০০টকাৰ সামগ্ৰী বিক্ৰী কৰে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।