বিকী কৌশল–কেটৰিনা কাইফৰ বিয়া সম্পৰ্কীয় এক শেহতীয়া খবৰঃ ৭টা ঘোঁৰাৰ ৰথত উঠি এন্ট্ৰি মাৰিব বিকী কৌশলে, বিয়াত নিৰ্মাণ কৰা হ’ব ‘শাহী’ মণ্ডপ

 12/06/2021 - 13:29
 
 
 
নিউজ ডেস্কঃ বিকী কৌশল–কেটৰিনা কাইফৰ বিয়া সম্পৰ্কীয় এক শেহতীয়া খবৰ পোহৰলৈ আহিছে। ৰিপ’ৰ্ট অনুসৰি, বিকীয়ে নিজৰ বৰযাত্ৰীৰ সৈতে এক গ্ৰেণ্ড এন্ট্ৰী কৰিব। তেওঁ পৰম্পৰাগতভাৱে ঘোঁৰাত উঠি বিয়াত এন্ট্ৰি কৰিব। তেওঁৰ বিয়াৰ বাবে ৭টা বগা ঘোঁৰা বাছনি কৰা হৈছে।
 
অৰ্থাৎ বিকীয়ে ৭টা ঘোঁৰাৰ ৰথত উঠি বিয়াত এন্ট্ৰি মাৰিব। এয়াও কোৱা হৈছে যে এটা শাহী মণ্ডপ বিশেষভাৱে কইনাৰ বাবে ডিজাইন কৰা হৈছে।এক ঘনিষ্ঠ সূত্ৰ মতে, দুয়োৰে সংগী, মেহেন্দীৰ আৰম্ভণি হৈ গৈছে। ইয়াৰ লগতে হ’বলগীয়া বিয়াৰ বাবে ৰাজস্থানত প্ৰস্তুতি তুংগত উঠিছে। ৭ৰ পৰা ৯ ডিচেম্বৰলৈ চলিবলগীয়া এই বিয়াত কেটৰিনা আৰু বিকীৰ পৰিয়ালৰ উপৰি ঘনিষ্ঠ আত্মীয় উপস্থিত থাকিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।