আজি শেষকৃত্য সম্পন্ন কৰা হ’ব নাগালেণ্ডত আছাম ৰাইফলছৰ গুলীত নিহত লোকসকলৰ

 12/06/2021 - 14:02
 
 
নিউজ ডেস্কঃ আজি শেষকৃত্য সম্পন্ন কৰা হ'ব নাগালেণ্ডত আছাম ৰাইফলছৰ গুলীত নিহত লোকসকলৰ। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই অংশ ল'ব শেষকৃত্য অনুষ্ঠানত। মন জিলাত আজি সমাধিস্থ কৰা হ'ব নিহত আটাইকেইজন লোকক। শেষকৃত্য অনুষ্ঠানত মুখ্যমন্ত্ৰী ৰিঅ'ৰ উপৰি উপ মুখ্যমন্ত্ৰী ৱাই পেট্টনো উপস্থিত থাকিব।উল্লেখ্য যে নিহতসকলৰ পৰিয়াললৈ এককালীনভাৱে ৫ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে চৰকাৰে। নিৰাপত্তাৰক্ষীৰ গুলীত ১৪ নিৰীহৰ মৃত্যুক লৈ নাগালেণ্ডৰ কিছামা ভিলেজত বিভিন্ন–সংগঠনে সমদল উলিয়াই সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। হৰ্ণবিল ফেষ্টিভেলো বৰ্জন কেইবাটাও নগা জনগোষ্ঠীৰ।আছাম ৰাইফলছৰ গুলীচালনাত ১৪ নিৰীহ নগা লোকৰ মৃত্যুৰ পিছতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে নাগালেণ্ডৰ মন জিলাত।
 
দেওবাৰে নিশা টিজিটৰ ৰাজপথত টিজিট টাউন ষ্টুডেণ্টছ ইউনিয়নৰ সদস্যসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।শনিবাৰৰ এই আক্ৰমণৰ পিছতে আছাম ৰাইফলছৰ মন জিলাত থকা ২৭নং শিবিৰত কেইবাশতাধিক নগা লোকে আক্ৰমণ কৰে। আছাম ৰাইফলছৰ শিবিৰত অগ্নিসংযোগো কৰে উত্তেজিত লোকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগা হয়।ইপিনে নাগালেণ্ডত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। মন জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। ৫ জনতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে যান–বাহন চলাচলতো জাৰি কৰিছে নিষেধাজ্ঞা। ইপিনে নিৰীহ লোকৰ মৃত্যুৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ বাবে মহাপৰিদৰ্শক এল জমিৰৰ নেতৃত্বত SIT গঠন কৰিছে চৰকাৰে। নাগালেণ্ড চৰকাৰে গঠন কৰি দিলে এল জমিৰৰ নেতৃত্বত পাঁচজনীয়া SIT৷নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টন, DGPকে ধৰি শীৰ্ষ বিষয়াসকলে মন জিলাত বাহৰ পাতি আছে। আজি পৰিস্থিতিক লৈ নাগালেণ্ড চৰকাৰৰ কেবিনেট বৈঠকো অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ–পূবৰ গৃহ সচিবৰ উপস্থিতিত মুখ্য সচিবৰ নেতৃত্বতো আন এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।