অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ২১ জনলৈ বৃ্দ্ধি

 12/06/2021 - 14:34
 
 
নিউজ ডেস্কঃ অ’মিক্ৰনত নতুনকৈ ১৭জন লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ দেওবাৰৰ দিনটোতে হঠাতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাক লৈ শংকাৰ সৃষ্টি হৈছে যদিও কেন্দ্ৰীয় স্বাস্থ্য বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে৷
 
বিশেষকৈ আফ্ৰিকান দেশসমূহৰ পৰা অহা যাত্ৰীসকলৰ দেহতেই অ’মিক্ৰনৰ সংক্ৰমণে দেখা দিয়ে৷ ইতিমধ্যে মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু দিল্লীত ধৰা পৰিছে অ’মিক্ৰনৰ আক্ৰান্ত৷
 
ইয়াৰে ৭জন মহাৰাষ্ট্ৰ, জয়পুৰৰ ৯জন আৰু দিল্লীৰ ১জন ব্যক্তিৰ আক্ৰান্ত হোৱাৰ পাছতে দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ২১জনলৈ৷ জয়পুৰত একেটা পৰিয়ালৰ চাৰিজনৰ দেহত ধৰা পৰিছে অ’মিক্ৰনৰ সংক্ৰমণ।
 
তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল। তদুপৰি, চহৰখনত আৰু পাঁচজনৰ দেহত অ’মিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে।আনহাতে, দেওবাৰে মহাৰাষ্ট্ৰত ৭জনৰ দেহত অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰে।
 
পুনে জিলাৰ এই ৭জনৰ ভিতৰত নাইজেৰিয়াৰ পৰা অহা এগৰাকী মহিলা আছে। মহিলাগৰাকীৰ ভাতৃৰ শৰীৰতো পোৱা গৈছে এই ভাইৰাছৰ উপস্থিতি। তদুপৰি, এই মহিলাগৰাকীৰ ভাতৃৰ দুই কন্যাও অ’মিক্ৰণত আক্ৰান্ত।
 
ইয়াৰ উপৰি বিগত সপ্তাহত ফিনলেণ্ডৰ পৰা উভতি অহা এগৰাকী ব্যক্তিৰ দেহতো ধৰা পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।