বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগ বগাই গুৱাহাটীত উপস্থিত হ'ল দুই পৰ্বতাৰোহী

 06/04/2019 - 19:28

মিৰ্জাঃ বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগ বগাই গুৱাহাটীত উপস্থিত হ'ল আৰোহী চন্দন দাস আৰু শশী প্ৰকাশ ৰায়। আফ্ৰিকাৰ মাউণ্ট কিলিমানজাৰোত অসমৰ পৰ্বতাৰোহীয়ে উৰুৱাইছিল বিজয়ধ্বজা। উত্তৰ গুৱাহাটীৰ দুই পৰ্বতাৰোহী চন্দন দাস আৰু শশী প্ৰকাশ ৰায়ে প্ৰায় ৬ হাজাৰ মিটাৰ উচ্চতা আৰু ২০ হাজাৰ ফুট উচ্চতাৰ এই শৃংগ বগাই অসমলৈ গৌৰৱ কঢ়িয়াই আনি আজি উপস্থিত হ'ল গুৱাহাটীত।

মুম্বাইৰ পৰা বৰঝাৰ বিমানবন্দৰৰ বিমানযোগে উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ লোক তথা শুভকাংক্ষীসকলে উষ্ম আদৰণী জনায় দুয়োগৰাকী অসম সন্তানক। উল্লেখ্য যে বিশ্বৰ চতুৰ্থতম উচ্চ শৃংগত ২০ ডিগ্ৰী চেলচিয়াছৰো তলত আছিল আৰু এই প্ৰতিকূল বতৰৰ তুষাৰপাতৰ বাধাকো নেওচি দুই অসম সন্তান কিলিমানজাৰো শৃংগৰ উচ্চ শিখৰত উপস্থিত হৈ উৰুৱালে অসমৰ গামোছা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।