ম্যানমাৰৰ ক্ষমতাচ্যুত নেত্ৰী আং চান চ্যু কিৰ বিৰুদ্ধে চাৰি বছৰৰ কাৰাদণ্ড ঘোষণা

 12/06/2021 - 14:49
 
 
 
 
নিউজ ডেস্কঃ ম্যানমাৰৰ ক্ষমতাচ্যুত নেত্ৰী আং চান চ্যু কিৰ গৃহবন্দীত্বৰ সময়তে পুনৰ এক খৱৰে দখল কৰিছে সংবাদ শিৰোনাম৷ গণতন্ত্ৰপন্থী নেত্ৰী চ্যু কিৰ বিৰুদ্ধে সোমবাৰে জান্তা শাসিত বাৰ্মিজ আদালতে এক ৰায়ৰ ভিত্তিত চাৰি বছৰৰ কাৰাদণ্ড ঘোষণা কৰে৷ ৭৬বছৰীয়া নেত্ৰী চ্যু কিয়ে দেশখনৰ গণতান্ত্ৰিক চৰকাৰৰ নেতৃত্ব প্ৰদান কৰিছিল৷
 
জানিব পৰা মতে সেনাবাহিনীৰ বিৰুদ্ধে বিভিন্ন মত পোষণ কৰা তথা ক’ভিড প্ৰট’কল উলংঘা কৰি উত্তেজনাৰ সৃষ্টি কৰাৰ অপৰাধ আছিল নেত্ৰীগৰাকীৰ বিৰুদ্ধে৷ উল্লেখ্য যে ম্যানমাৰৰ আইন অনুসৰি এই নিয়ম ভংগ কৰা যিকোনো অভিযুক্ত লোকক সৰ্বাধিক দুই তিনি বছৰৰ বাবে কাৰাদণ্ডৰ শাস্তি আছিল৷
 
নোবেল বঁটা বিজয়ী নেত্ৰীগৰাকীক যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা দেশখনৰ সামৰিক অভ্যুত্থানৰ ফলশ্ৰুতিত গৃহবন্দীত্ব জীৱন পাৰ কৰি আহিছে৷ তেখেতৰ সৈতে নেচনেল লীগ ফৰ ডেম’ক্ৰেচীৰ বহুকেইজন নেতা-নেত্ৰীকো গৃহবন্দী কৰি ৰখা হৈছে৷ চ্যু কিৰ বিৰুদ্ধে ক’ভিড বিধি উলংঘনৰ বহুকেইটা অভিযোগ থকাৰ লগতে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰতো অভিযুক্ত হৈ আছিল৷ সামৰিক অভ্যুত্থানৰ সময়ত চ্যু কিৰ বিৰুদ্ধে প্ৰায় ১২টা গোচৰ ৰুজু কৰিছিল সামৰিক চৰকাৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।