উত্তৰ প্ৰদেশৰ অন্যতম মুছলিম নেতা ৱাছিম ৰিজৱীয়ে ইছলাম ধৰ্ম এৰি গ্ৰহণ কৰিলে হিন্দু ধর্ম

 12/06/2021 - 15:39
 
 
 
 
নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ অন্যতম মুছলিম নেতা ৱাছিম ৰিজৱীয়ে আজি ইছলাম ধর্ম ত্যাগ কৰি হিন্দু ধর্ম আঁকোৱালি লয়৷ আজি গাজিয়াবাদাত য়েতি নৰসিংহানন্দ সৰস্বতীয়ে ৰিজৱীক সনাতন ধৰ্মলৈ বাপচী কৰায়৷ ৱাছিম ৰিজৱীয়ে কয়— 'মোক ইছলাম ধৰ্মৰ পৰা বাহিৰ কৰি দিয়া হৈছে, প্ৰত জোক শুকুৰবাৰে মোৰ মূৰৰ মূল বঢ়োৱা হয়, আজি মই সনাতন ধর্ম আঁকোৱালি ল'লো৷' চিয়া চেণ্ট্ৰেল ৱাকফ বোৰ্ডৰ প্রাক্তন অধ্যক্ষ ৱাছিম ৰিজৱীয়ে পূর্বে ঘোষণা কৰিছিল যে সোমবাৰে মই ইছলাম ধৰ্ম ত্যাগ কৰি সনানত ধৰ্ম গ্ৰহণ কৰিম৷  কিছুদিন পূর্বে ৰিজৱীয়ে প্রকাশ কৰিছিল যে মৃত্যুৰ পাছত তেওঁক যাতে কবৰ দিয়া নহয়, হিন্দু ধৰ্মৰ ৰীতি-নীতি অনুসৰি তেওঁক অন্তিম সংস্কাৰ কৰে৷ উল্লেখ্য যে ইছলাম ধৰ্মৰ সংস্কাৰৰ দাবী তথা অনতা ইছলাম বিৰোধী বক্তবৰে ৰিজৱীয়ে আলোচনাৰ সন্মুখীন হৈ আহিছিল৷ যাৰ বাবে তেওঁ কেইবাবাৰো মৃত্যুৰ ধমকিও পাইছিল৷ ৱাছিম ৰিজৱীয়ে কোৱান স্বৰীফৰ ২৬ টা আয়াত আঁতৰোৱাৰ দাবীৰে ছুপ্রিম ক'ৰ্টত আৱেদন কৰিছিল৷ অৱশতো ছুপ্রিম ক'ৰ্টে ৰিজৱীৰ আৱেদন খাৰিজ কৰিছিল৷ তাৰ পাছতে বিভিন্ন মুছলিম সংগঠনৰ লক্ষ্য হৈ পৰিছিল ৰিজৱী৷ 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।