শুকুৰবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব চিডিএছ বিপিন ৰাৱাট আৰু পত্নী মধুলিকাৰ

 12/09/2021 - 12:38
 
 
 
নিউজ ডেস্কঃ দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ আকস্মিক মৃত্যু হ’ল হেলিকপ্টাৰ দুৰ্ঘটনাত।দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ বহন কৰি থকা বিপিন ৰাৱাটৰ জীৱন কুটিল নিয়তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিলে। চিডিএছ ৰাৱট হঠাতে চিৰদিনলৈ হেৰাই গ’ল এই দুৰ্ঘটনাটোত।ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল।
 
চি ডি এছ ৰাৱাটকে ধৰি তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাৱটৰ পত্নী মধুলিকা ৰাৱাটকে ধৰি ১৩জনকৈ লোকে মৃত্যুক আঁকোৱালি লয়।এগৰাকীয়ে এতিয়াও জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। ভাৰতীয় সেনাৰ সৰ্বাধিনায়কগৰাকীৰ মৃত্যুত ম্ৰিয়মান দেশবাসী।শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দেশৰ প্ৰথমগৰাকী চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ অন্ত্যেষ্টিক্রিয়া শুকুৰবাৰে দিল্লীত সম্পন্ন কৰা হ’ব।
 
সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে দেশৰ বীৰ সন্তানগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। বৃহস্পতিবাৰে এখন বিশেষ সেনা বাহিনীৰ বিমানেৰে চিডিএছ ৰাৱট আৰু পত্নী মধুলিকা ৰাৱাটৰ নশ্বৰ দেহ দিল্লীলৈ অনা হ’ব। শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ২ বজালৈ চিডিএছ বিপিন ৰাৱাট আৰু পত্নীৰ নশ্বৰ দেহ গুণমুগ্ধ আৰু আত্মীয় লোকসকলৰ বাবে ৰাৱাটৰ নিজা বাসগৃহত ৰখা হ’ব। উল্লেখ্য যে বিপিন ৰাৱাটৰ মৃত্যুত বিদেশ ৰাষ্ট্ৰসমূহেও গভীৰ শোক প্ৰকাশ কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।