‘বাংলাদেশৰ সীমান্তলৈ নি অসমৰ পৰা গতিয়াই বাহিৰ কৰি দিব লাগে বিদেশীক’ – স্বামী যতীন্দ্ৰানন্দ মহাৰাজ

 12/09/2021 - 13:16
 
 
নিউজ ডেস্কঃ অসম তথা উত্তৰ-পূবৰ বিদেশী সমস্যাক লৈ সৰৱ হৈছে হৰিদ্বাৰৰ জুনা আখৰাৰ মহামণ্ডলেশ্বৰ স্বামী যতীন্দ্ৰানন্দ গুৰুজী মহাৰাজ৷ মাদ্ৰাছাত তালিবানীৰ শিক্ষা দিয়া হয় বুলি কৈ বিতৰ্কত সোমাই পৰা স্বামী যতীন্দ্ৰানন্দ গুৰুজী মহাৰাজে শীঘ্ৰে সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক।"মই মা কামাখ্যা দৰ্শন কৰিলো৷ অসমৰ পুৰাতন সংস্কৃতিলৈ এতিয়া ভাবুকি আহিছে৷ ভাবুকি আনিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে৷
 
এটা এটাকৈ সকলো বিদেশীক চিনাক্ত কৰিব লাগে৷ বাংলাদেশৰ সীমান্তলৈ নি গতিয়াই বাহিৰ কৰি দিব লাগে সব বিদেশীক৷" এই মন্তব্য স্বামী যতীন্দ্ৰানন্দ গুৰুজী মহাৰাজৰ। অসম আৰু উত্তৰ–পূবৰ সম্প্ৰীতি, সনাতন সংস্কৃতিলৈ অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশীয়ে ভাবুকি অনাৰ লগতে সমাজখন লেতেৰা কৰিছে বুলিও মন্তব্য কৰিলে স্বামী যতীন্দ্ৰানন্দ গুৰুজী মহাৰাজে৷
 
অসমৰ ৰাইজ আৰু অসম চৰকাৰলৈ অনুৰোধ স্বামী যতীন্দ্ৰানন্দ গুৰুজী মহাৰাজৰ, ‘‘অসমক বিদেশীমুক্ত কৰক। অসমৰ নাগৰিকে পাবলগীয়াখিনি কাঢ়ি নিছে অনুপ্ৰৱেশকাৰী বাংলাদেশীয়ে৷ মোৰ বিশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পাৰিব৷’’
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।