12/09/2021 - 13:34
in
জামুগুৰিহাটঃ দৰিদ্ৰতাই কোঙা কৰি পেলোৱা জামুগুৰিহাটৰ এটা পৰিয়ালক আজি উদ্ধাৰৰ বাবে আগবাঢ়ি আহে নদুৱাৰ মণ্ডলৰ বিজেপিৰ কৰ্মকৰ্তাসকল৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পৰামৰ্শ অনুযায়ী জামুগুৰিহাটৰ মাজগাঁও নিৱাসী বৃকোদৰ হাজৰিকাৰ নামৰ দিন-হাজিৰা কৰা ব্যক্তি গৰাকীৰ ঘৰত আজি বিজেপিৰ ১৩৬ নং বুথৰ ৱাৰ্ড সদস্যসকল উপস্থিত হৈ আটকধুনীয় ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে৷
১৩৬ নং বুথৰ সভাপতি মহেন্দ্ৰ বৰুৱাই কয় আমি তাৎক্ষণিকভাৱে বৃকোদৰ হাজৰিকাৰ বাসগৃহটো পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলো৷ এই ক্ষেত্ৰত প্ৰয়োজনীয় পুঁজি বিধায়ক পদ্ম হাজৰিকাই যোগান ধৰিছে৷
বিধায়ক গৰাকীয়ে বৃকোদৰ হাজৰিকাক এটি চৰকাৰী ঘৰ প্ৰদানৰো আস্বাস দিয়া বুলিও নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰাই মন্তব্য কৰে৷ অতি দৰিদ্ৰ বৃকোদৰ হাজৰিকাৰ গৃহ নিৰ্মাণত সহযোগীতা আগবঢ়াইছে অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি পবিত্ৰ দাস, পশ্চিম বৰভগীয়া আঞ্চলিক পঞ্চায়তৰ সদস্য মদন কৈৰালাই।