মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰিবহন আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে কৰিমগঞ্জ পৰিবহন বিভাগ

 12/09/2021 - 14:37
 
 
 
বদৰপুৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কৰিমগঞ্জৰ ৰাজপথত যান-বাহন বিভাগ| পৰিবহন আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে কৰিমগঞ্জ পৰিবহন বিভাগ| যিসকলে পৰিবহন আইন উলংগা কৰিছে তেওঁলোকক নাকী লগোৱাৰ বাবে আৰম্ভ হৈছে অভিযান| মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে অহা ৩১ ডিচেম্বৰৰ ভিতৰত যাতে এটাও মানুহৰ দুৰ্ঘটনাত প্ৰাণ নাযায়|
 
বাইক চালক আৰু আৰোহী সকলোৰ হেলমেট পিন্ধা বাধ্যতামূলক কৰা হৈছিলে| মুখ্যমন্ত্ৰীৰ সেৱা সপোন স্বাৰ্থক কৰাৰ বাবে আজি কৰিমগঞ্জৰ ৰাজপথত পৰিবহন বিভাগ আৰু যানবাহন আৰক্ষীৰ যুটিয়া অভিযান আৰম্ভ হৈছে| যিসকলে পৰিবহন আইন উলংগা কৰিছে তেওঁলোকৰ বিৰুদ্ধে ই-চালান কটা হৈছে লগতে বাইক চালক আৰু আৰোহীক সজাগ কৰি দিয়া হৈছে| সকলোয়ে যাতে গুণগত মান থকা হেলমেট ব্যৱহাৰ কৰে|
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।