ছোনিয়া গান্ধীৰ আজি জন্মদিন, বিপিন ৰাৱাটলৈ শ্ৰদ্ধা জনাই জন্মদিন পালন নকৰাৰ সিদ্ধান্ত ছোনিয়াৰ

 12/09/2021 - 14:55
 
 
নিউজ ডেস্কঃ বুধবাৰে শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত সেনাপ্ৰধান বিপিন ৰাৱটসহ ১৩জন লোকৰ মৃত্যু হয়৷৯ ডিচেম্বৰত অনুষ্ঠিত হোৱা ছোনিয়া গান্ধীৰ জন্মদিন পালন নকৰাৰ সন্দৰ্ভত দলৰ সাধাৰণ সম্পাদক কেচি ভেনুগোপালে বুধবাৰে কয়, “কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে কাইলৈ জন্মদিন পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ লগতে দলীয় কৰ্মীসকলকো জন্মদিনৰ কোনো কাৰ্যসূচী পালন নকৰিবলৈ আহ্বান জনায়৷
 
জানিব পৰা মতে দুৰ্ঘটনাটোৰ পূৰ্বৰে পৰা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত জন্মদিন উপলক্ষে বহু আয়োজন কৰিছিল যদিও এই শোকাৱহ ঘটনাৰ পাছতে ছোনিয়াৰ নিৰ্দেশত সকলো কাৰ্যসূচী বাতিল কৰে৷১৯৪৬চনৰ ৯ ডিচেম্বৰত জন্ম লাভ কৰিছিল কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীয়ে৷ এটা ৰাজনৈতিক পৰিবেশতে ডাঙৰ-দীঘল হোৱা কংগ্ৰেছ নেত্ৰীগৰাকী এটা দলৰ মুখ্য পদত বহু দীঘলীয়া সময় ধৰি অধিস্থিত হৈ আছে৷ লগতে লোকসভা সাংসদ মানিকম ঠাকুৰে জনাই যে ‘সাহসী জেনেৰেলৰ প্রতি শ্রদ্ধাৰ চিহ্ন’ হিচাপে এই উদযাপন বাতিল কৰা হৈছে। টুইটাৰযোগে কয় যে কংগ্ৰেছ সভানেত্ৰী কিমান সংবেদনশীল তাৰ এক উদাহৰণ দেখা গ’ল৷ সাহসী জেনেৰেল চিডিএছ বিপিন ৰাৱটৰ প্রতি শ্রদ্ধা আৰু সম্মান দেখাই কংগ্রেছ দলে জন্মদিন উদযাপন বাতিল কৰাৰ সিদ্ধান্ত লৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।