মৃত্যুমুখী দীপৰবিল ৰক্ষা কৰিব পাৰিবনে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই!

 06/04/2019 - 19:51

মিৰ্জাঃ সুৰক্ষিত নহয় দ্বীপৰ বিল। সমস্ত মহানগৰীৰ আৱৰ্জনা বক্ষত কঢ়িয়াই এতিয়া কলুষিত হৈ পৰা মনোৰম দীপৰ বিলত বেদখল, ৰে’লপথ নিৰ্মাণ, উচ্চ ক্ষমতাসম্পন্ন বিদ্যু সংযোগ আদিয়ে ক্ৰমশঃ বিলখনক মৃত্যুৰ মুখলৈ থেলি দিছে। কিন্তু স্থানীয় ৰাইজে হাতীৰ বিচৰণস্থলী মনোৰম দীপৰবিলখন ৰক্ষাৰ বাবে অহৰহ চেষ্টা চলাই আহিছে যদিও সকলো যেন ব্যৰ্থ।

বনমন্ত্ৰী আহে আৰু যায়৷ বিভাগটোৰ বিষয়া আমোলাৰো বিলখনৰ প্ৰতি উদাসীন মনোভাৱ। উপায়বিহীন ৰাইজে এইবাৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক লগ ধৰি স্মাৰকপত্ৰ প্ৰদান কৰি কাতৰ আহ্বান জনালে বিলখন ৰক্ষাৰ বাবে। উত্তৰ পূৱ ৰে’লৱে বিভাগে বিলখনৰ মাজেৰে দ্বৈত ৰে’লপথ নিৰ্মাণ কৰিব বিচৰা বিষয়টোৰ আপত্তি দৰ্শোৱাৰ লগতে বিভিন্ন দাবী জনাই স্থানীয় ৰাইজে প্ৰদান কৰিলে স্মাৰকপত্ৰ।

উল্লেখযোগ্য যে এই ৰে’ল পথত ১৯৯১ চনৰ পৰা বৰ্তমানলৈ ৰে’লৰ খুন্দাত মৃত্যু হৈছিল প্ৰায় ১৪ টা হাতীৰ। যদি দ্বৈত ৰে’ল পথ হয় দ্বীপৰ বিলৰ পাৰত তেনেহ’লে হাতীৰ বিচৰণত বাধা প্ৰদান হ’ব। কিন্তু বিলখন ৰক্ষাৰ বাবে ৰাইজে জনোৱা কাতৰ আহ্বানক বনমন্ত্ৰীগৰাকীয়ে কিদৰে গ্ৰহণ কৰে সেয়া সময়েহে ক’ব। নে আগৰ দৰেই ভেকোঁভাওনা হ’ব সেয়া সময়েহে ক'ব ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।