12/09/2021 - 15:53
in
বিহালীঃ বিহালী সমষ্টিৰ অন্তৰ্গত নাচবৰ(ক)গাঁৱৰ প্ৰহ্লাদ বৈষ্ণৱ আৰু বাসন্তী বৈষ্ণৱৰ দ্বিতীয় পুত্ৰ প্ৰেম বৈষ্ণৱলৈ ৰাষ্ট্ৰীয় বঁটা আৰু "কাব্যৰত্ন" জীৱনজোৰা খিতাপ প্ৰদান কৰা হয়।
গুৱাহাটী মহানগৰীৰ জ্যোতি চিত্ৰবনত নেবক'ছৰ উদ্যোগত আয়োজিত "ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা নেচ্নেল্ এৱাৰ্ড ২০২১" ৰ বঁটা প্ৰদান অনুষ্ঠানটিত প্ৰেম বৈষ্ণৱক "সাহিত্য সৌৰভ" ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়।
ৰাষ্ট্ৰীয় বঁটাটি, নেবক'ছৰ উপদেষ্টা মনিষা হাজৰিকা হাতৰ পৰা গ্ৰহণ কৰি প্ৰেম বৈষ্ণৱ উৎফুল্লিত হৈ পৰিছে বুলি আমাক জানিবলৈ দিছে। শেহতীয়াকৈ যোৱা ইংৰাজী ০৫ ডিচেম্বৰ তাৰিখে যোৰহাটত, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যলয়ৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হোৱা শব্দ-সাঁকোৰ চতুৰ্থ বৰ্ষপুৰ্তি অনুষ্ঠানটিত প্ৰেম বৈষ্ণৱৰ দুটি কাব্যগ্ৰন্থ উন্মোচন হয়। "মই তোমাৰ আজন্ম প্ৰেমিক" আৰু " তুমিয়েই মোৰ জীৱনৰ কবিতা" শীৰ্ষক দুখন কাব্যগ্ৰন্থ উন্মোচন হয়।
ইয়াৰ পূৰ্বে বৈষ্ণৱৰ আৰু দুখন কাব্যগ্ৰন্থ প্ৰকাশ হৈছে। তুমিয়েই মোৰ জীৱনৰ কবিতা" শীৰ্ষক কাব্যসংকলনটিত কেৱল প্ৰেমৰ অনুভৱ সমূহ হে স্থান পাইছে বুলি আমাক জানিবলৈ দিছে।
তুমিয়েই মোৰ জীৱনৰ কবিতা শীৰ্ষক কাব্যসংকলনটি আনুষ্ঠানিক ভাৱে তেখেতৰ সহধৰ্মিণী পুজা ধৰ বৈষ্ণৱৰ হাতত অৰ্পণ কৰি বৰ সুখী হৈছোঁ বুলি আমাক জানিবলৈ দিয়ে। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যলয় ৰাধাকান্ত সন্দিকৈ ভৱনত পুৱা দহ বজাৰ পৰা অনুষ্ঠিত হোৱা অসমৰ জনপ্ৰিয় সাহিত্য চৰ্চাৰ গোট "শব্দ সাঁকোৰ" চতুৰ্থ বৰ্ষপুৰ্তি অনুষ্ঠানটিত, প্ৰেম বৈষ্ণৱক, "কাব্যৰত্ন " উপাধি প্ৰদান কৰাৰ লগতে ফুলাম গামোছা, চেলেং, জাপি মানপত্ৰ, শৰাই, স্মাৰক, শব্দ সাঁকো খোদিত এটি সুন্দৰ মেডেল, আদিৰে সন্মানিত কৰা হয়।