বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত জ্যোতিষ চন্দ্ৰ শৰ্মা দেৱৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী সভা

 12/09/2021 - 17:33
 
 
বাহাৰঘাটঃ দেহাৰকুছিত কৃতি শিক্ষক জ্যোতিষ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী গ্ৰন্থ উন্মোচনী অনুষ্ঠান৷ গ্ৰন্থ উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই৷ গ্ৰন্থ উন্মোচন কৰি শৰ্মাই কয় যি ঘৰত দুখ সদায় থাকে সেই ঘৰখনত ভগবান সদায় থাকে৷ বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত প্ৰয়াত শৰ্মাৰ পৰিয়ালৰ সহযোগিতাত প্ৰকাশ কৰি উলিওৱা জ্যোতি প্ৰৱাহ উন্মোচনী সভাত সভাপতিত্বত কৰে শাখা সাহিত্য সভাৰ সভাপতি ভবেশ চন্দ্ৰ শৰ্মাই৷
 
আজি দিনৰ ভাগত জ্যোতিষ চন্দ্ৰ শৰ্মাৰ বাসভৱনত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল শাখা সাহিত্য সভাৰ সম্পাদক উপেন্দ্ৰ স্বৰ্গিয়াৰীয়ে৷ সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহ সদস্য ডা০ বিপিন কলিতাই কয় যে শিক্ষাদানত ব্ৰতি এজন কৃতি শিক্ষক সোনকালে সমাজৰ পৰা আঁতৰি গলে সমাজৰ যথেষ্ট ক্ষতি হয় বুলি কয়৷ সভাত প্ৰয়াত জ্যোতিষ শৰ্মা স্মাৰক বক্তৃতা দিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক ৰামপ্ৰষাদ শৰ্মাই ৷প্ৰয়াত শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সাংবাদিক পেঞ্চন প্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক নাউদত্ত তালুকদাৰে আৰু বন্তি প্ৰজ্বলন কৰে সহধৰ্মিনী চিত্ৰা দেৱীয়ে৷ সভাত সমজুৱা আৰু পৰিয়ালৰ ফালৰ পৰা প্ৰয়াত শৰ্মাৰ গুনানুকীৰ্তন কৰি বক্তৃতা দিয়ে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।