দুৰ্ঘটনাৰ পাছতো জীৱিত আছিল বিপিন ৰাৱাট, থোকাথুকি মাতেৰে নিজৰ নাম কৈছিল উদ্ধাৰকাৰীক

 12/09/2021 - 18:22
 
 
 
নিউজ ডেস্কঃ হেলিকপ্টাৰ দুৰ্ঘটনাত চিৰদিনলৈ হেৰাই গ’ল দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট৷দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ বহন কৰি থকা বিপিন ৰাৱাটৰ জীৱন কুটিল নিয়তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিলে। তেওঁ হঠাতে চিৰদিনলৈ হেৰাই গ’ল এই দুৰ্ঘটনাটোত। ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল।চি ডি এছ বিপিন ৰাৱটৰ লগতে তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাৱটৰ পত্নী মধুলিকা ৰাৱটকে ধৰি ১৩জনকৈ লোকে মৃত্যুক আঁকোৱালি লয়।এগৰাকীয়ে এতিয়াও জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। উল্লেখ্য যে হেলিকপ্টাৰ দুৰ্ঘটনাৰ বহু সময়লৈকে জীৱিত আছিল বিপিন ৰাৱট।
 
সম্পূৰ্ণ বিধ্বস্ত অৱস্থাত জীৱিত ৰূপত পোৱা গৈছিল চিডিএছ বিপিন ৰাৱটক। দুৰ্ঘটনাটোৰ পাছত দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা লোকসকলক আৰু উদ্ধাৰকাৰী দলক নিজৰ পৰিচয় দি মই বিপিন ৰাৱট বুলিও কৈছিল।উদ্ধাৰকাৰী দলৰ এজন সদস্য এন.চি মুৰলীয়ে সদৰী কৰা অনুসৰি “আমি দুজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিছিলো, তেওঁলোকৰ এজনে বিপিন ৰাৱট আছিল।” তেওঁ সেহাই সেহাই মোক নিজৰ নামটো কৈছিল। চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁৰ মৃত্যু হয়। আমি সেই সময়ত জীৱিত অৱস্থাত উদ্ধাৰ কৰা আনজন ব্যক্তিক চিনাক্ত কৰিব পৰা নাছিলো। পৰৱৰ্তী সময়ত তেওঁ গ্রুপ কেপ্টেইন বৰুণ সিং বুলি চিনাক্ত হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।