দেহাৰকুছিত কৃষি সজাগতা সভা

 12/10/2021 - 12:11
 
 
 
বাহাৰঘাটঃ নলবাৰী জিলা কৃষি বিভাগ(কৌতিল্য গ্ৰুপ)ৰ উদ্যোগত এপাৰ্টৰ সহযোগত বৃহস্পতিবাৰে অনুষ্ঠিত হয় সজাগতা সভা৷ দেহাৰকুছি মনসাপীঠত শতাধিক কৃষক আৰু মহিলা আত্ম সহায়ক গোটৰ সদস্যাৰ উপস্থিতিত অনুষ্ঠিত হয় সজাগতা সভাখন৷
 
তিনি বজাত দেহাৰকুছি মনসাপীঠ প্ৰাংগনত অনুষ্ঠিত হয় সজাগতা সভা৷ সভাত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, মাটিৰ গুনানু পৰীক্ষন, উদপাদিত ফচল ক্ৰয় বিক্ৰয়ৰ কৌশল প্ৰস্তুত কৰণ, আদিৰ ওপৰত বিশদ আলোচনা কৰে৷ সভাত কৃষি সম্প্ৰসাৰণ কৰ্মী প্ৰনৱ তালুকদাৰ আৰু এপাৰ্টৰ সমন্বয়ক চৈতেন তালুকদাৰ উপস্থিত থাকি কৃষক সকলক বিভিন্ন সমস্যাৰ সমাধানৰ উপায় শিকাই৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।