খাৰুপেটীয়াত মন্ত্ৰী পিযুষ হাজৰিকা: স্বচ্ছতা নমনা লোকৰ বিৰুদ্ধে কঠোৰ হ'ব আইন

 06/04/2019 - 19:59

দলগাঁও: লোকসভা নিৰ্বাচনৰ পাচত দৰঙৰ খাৰুপেটীয়াত মন্ত্ৰী পিযুষ হাজৰিকাৰ প্ৰথম কাৰ্যসূচী ৰুপায়ন৷ টাটা মুডলৰ আৰ্হিত নিৰ্মীয়মান ১২৫ টা শৌচালয়ৰ ভিতৰত আজি প্ৰথমটো শৌচালয় উদ্ধোধন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই৷ তেখেতে ৫৫ টা আত্মসহায়ক গোটৰ মাজত ২৫০০০ টকাকৈ বিতৰণ কৰে৷ সভাত পৌৰ চাফাই কৰ্মীৰ মনোবল বৃদ্ধিৰ বাবে তেওঁলোকৰ মাজত কিছু সামগ্ৰী বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে৷

ইয়াৰ উপৰি নগৰ সমিতিৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালৰ পৰা জাৱৰ সংগ্ৰহৰ বাবে দুটা আত্মসহায়ক গোটক দায়িত্ব প্ৰদান কৰি পাঁচ হাজাৰ টকাকৈ প্ৰদান কৰে৷ মন্ত্ৰীগৰাকীয়ে ৰাইজক সজাগতাৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়৷ যদি ৰাইজ সজাগ হয় তেনেহ'লে অহা এটা বছৰত অসম স্বচ্ছ হৈ পৰিব বুলি তেওঁ উল্লেখ কৰে৷

মন্ত্ৰীগৰাকীয়ে স্বচ্ছতা নমনা লোকক আইনৰ আওতালৈ অনাত গুৰুত্ব প্ৰদান কৰি দোষীক শাস্তিৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে৷ সভাত নৱনিৰ্বাচিত সাংসদ দিলিপ শইকীয়া, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, খাৰুপেটীয়াৰ পৌৰপতি কৃষ্ণা সাহাৰ লগতে নগৰ উন্নয়ন বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।