12/10/2021 - 13:16
in
মাজুলীঃ সদৌ অসম ছাত্ৰ সন্থাই অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে আৰম্ভ কৰা ঐতিহাসিক অসম আন্দোলনত ১৯৭৯ চনৰ ১০ ডিচেম্বৰ দিনটোত পুলিচৰ গুলীত প্ৰথম প্ৰাণ আহুতি দিছিল ছাত্ৰ বীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে৷ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবেই প্ৰতিবছৰে ১০ ডিচেম্বৰ দিনটো সমগ্ৰ অসমতে শ্বহীদ দিৱস হিচাপে পালন কৰা হয়৷
সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আজি মাজুলীৰ অন্যতম শক্তিশালী জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ফুলনি উঃমাঃবিঃ প্ৰাংগণৰ কেন্দ্ৰীয় শ্বহীদ বেদী স্থলীত এই কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে জেংৰাই আছুৰ সভাপতি দিগন্ত বৰুৱাই৷
ফুলনি উঃমাঃবিঃৰ অধ্যক্ষ দ্বিজেন শইকীয়া দেৱে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠানত শ্বহীদ তৰ্পণেৰে শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই৷ জেংৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মন্টু গায়ণে আঁত ধৰা অনুষ্ঠানটিত ফুলনি উঃমাঃবিঃৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷