চলমান খানৰ ঈদৰ উপহাৰ 'ভাৰত’

 06/04/2019 - 20:00

ডিজিটেল ডেস্কঃ কাইলৈ অৰ্থাৎ ঈদৰ দিনা সমগ্ৰ দেশজুৰি মুক্তিলাভ কৰিব বলীউডৰ ভাইজান চলমান খানৰ চিনেমা ভাৰত-এ। অভিনেতা চলমান খানক ঈদৰ বতৰত দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা সকাহ। মেগা বাজেটৰ ছবি ‘ভাৰত’ৰ মুক্তিৰ বাবে চলমান খানে প্ৰস্তুতি চলাই থকা সময়তে পাইছিল মোক্ষম আঘাত।

যেতিয়া ছবিখনৰ নামক লৈ দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল। আবেদনকাৰীৰ অভিযোগ আছিল যে ছবিখনত ‘ভাৰত’ নামটো সঠিকভাৱে ব্যৱহাৰ কৰা হোৱা নাই। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰক অপমান কৰা হয় আৰু ছবিখনৰ নাম সলনি নকৰালৈকে মুক্তিৰ বাবে অনুমতি নিদিবলৈ দাবী তুলিছিল। এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে চলমান খানক দিলে সকাহ।

দিল্লী উচ্চ ন্যায়ালয়ে চলমান খানৰ ছবি ‘ভাৰত’ৰ মুক্তিৰ বাবে সেউজ সংকেত প্ৰদান কৰিলে আৰু কাইলৈ ঈদৰ দিনাই এই ছবিখন দেশৰ প্ৰতিটো ছবিঘৰতে মুক্তি পাব। ছবিখনৰ নাম সলনি আৰু ঈদত ছবিখন মুক্তি পোৱাত বাধা প্ৰদান কৰা আবেদন দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে।

ছবিখনৰ টীজাৰ প্ৰত্যক্ষ কৰাৰ পিছতে আদালতে এই ৰায় প্ৰদান কৰিলে। ছবিখনত চলমান খানে মুখ্য ভূমিকা পালন কৰাৰ লগতে তেওঁৰ লগত অভিনয় কৰিছে কেটৰীনা কাঈফ, সুনীল গ্ৰভাৰ আৰু জেকী শ্ৰফে। ভাৰতকলৈ চিনেপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।