বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ, গোচৰ ৰুজু

 12/11/2021 - 12:50
 
 
নিউজ ডেস্কঃ দীপিকাৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ৷ ছবি নিৰ্মাণ কৰি বিপদত মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন৷ ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ ছবি ‘৮৩’ মুক্তিৰ বাবে অপেক্ষাৰত অনুৰাগী৷ ছবিখনৰ মুক্তিৰ পূৰ্বে আইনী মেৰপাকট পৰিছে মোহময়ী অভিনেত্ৰী গৰাকী। ডুবাইৰ এটা কোম্পানীয়ে মুম্বাইৰ মেট্ৰ’পলিটান আদালতত ছবিখনৰ নিৰ্মাতাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। কোম্পানীটোৱে তেওঁলোকৰ ওপৰত ষড়যন্ত্ৰ আৰু প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে।
 
দীপিকা পাডুকোন ছবিখনৰ অন্যতম প্ৰযোজক সেয়েহে তেওঁৰ নামত এটা গোচৰো পঞ্জীভুক্ত কৰা হৈছে। ভাৰতীয় দণ্ডবিধিৰ ধাৰা 405,406,415,418,420 আৰু ধাৰা 120বি-ৰ অধীনত গোচৰটো ৰুজু কৰা হৈছে।দীপিকাৰ লগতে চাজিদ নাদিয়াদৱালা, কবীৰ খান আৰু ফেণ্টম ফিল্মছৰ বিৰুদ্ধেও এটা প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰা হৈছে। জানিব পৰা মতে, এফজেদই নামৰ কোম্পানীটোৱে ‘৮৩’ নামৰ চিনেমাখনত বিনিয়োগ কৰাৰ কথা আছিল।
 
কথোপকথনৰ সময়ত কোম্পানীটোক নিৰ্মাতাসকলে প্ৰতিশ্ৰুতি দিছিল যে এই ছবিখনত বিনিয়োগ কৰি লাভান্বিত হ’ব তেওঁলোক। প্ৰতিষ্ঠানটোৱে নিৰ্মাতাসকলৰ কথাত মুঠ ১৬ কোটি টকা বিনিয়োগ কৰিছিল। কিন্তু অভিযোগ অনুসৰি, নিৰ্মাতাসকলে ছবিখনৰ প্ৰযোজকৰ তালিকাৰ পৰা কোম্পানীটো নাম উঠাই দিছে। আনকি কোম্পানীটোক নজনোৱাকৈ ছবিখনৰ প্ৰচাৰত ব্যৱহাৰ কৰিছিল বিনিয়োগ কৰা ধনৰাজী৷ যাৰফলত ক্ষুণ্ণ হৈ পৰে কোম্পানী৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।