ভাৰতত ৩ বছৰীয়া এটি শিশু আক্ৰান্ত অমিক্ৰ’ণত

 12/11/2021 - 13:57
 
নিউজ ডেস্কঃ শেহতীয়াকৈ মহাৰাষ্ট্ৰত ৩ গৰাকীৰ দেহত পুনৰ অমিক্ৰ’ণৰ সংক্ৰমণ ধৰা পৰাৰ পাছতে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ১৭লৈ বৃদ্ধি পালে। ভাৰতত অমিক্ৰ’ণত আক্ৰান্তৰ সংখ্যা ৩২ । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত দুটা দিনৰ বাবে ১৪৪ধাৰা জাৰি কৰা হৈছে।
 
১১ আৰু ১২ ডিচেম্বৰত কোনো সভা অনুষ্ঠি্ত কৰিব নোৱাৰিব মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত নতুনকৈ ধৰা পৰা আটাইকেইগৰাকী ৰোগীয়ে ক’ৰণাৰ দুয়ো পালি ভেকচিন লৈছিল যদিও তাৰ মাজৰে এগৰাকী ৩বছৰীয়া শিশুও আছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।