নাক কাটিলে অসমৰ, ফুটবলৰ মহাতাৰকা মাৰাডোনাৰ ঘড়ী চুৰি কৰি অনা অসমৰ গভাইত চোৰটো কোন?

 12/11/2021 - 14:07
 
 
নিউজ ডেস্কঃ ফুটবলৰ মহাতাৰকা Diego মাৰাডোনাৰ ঘড়ী চুৰ কৰিলে অসমৰ এজন যুৱকে। কিছুদিনৰ পূৰ্বে মৃত্যু হোৱা মাৰাডোনাৰ এই ঘড়ীটো চোৰ কৰি আনি পালেহি শিৱসাগৰ। হাহাঁকাৰ লাগিল ডুবাই আৰক্ষীৰ। যোগাযোগ কৰা হৈছিল অসম আৰক্ষীলৈ।ডুবাই আৰক্ষী, কেন্দ্ৰীয় অনুসন্ধানকাৰীৰ সহযোগত অসম আৰক্ষীয়ে চলালে অভিযান।
 
শনিবাৰে পুৱা শিৱসাগৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা ৱাজিদ হুচেইন নামৰ চোৰটোক। এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰীয়ে টুইটাৰত উল্লেখ কৰিলে যে, অসম আৰক্ষীয়ে ডুবাই আৰক্ষীৰ তথ্যৰ ভিত্তিত মাৰাডোনাৰ এই ঘড়ীটো আৰু চোৰটোক কেনেদৰে গ্ৰেপ্তাৰ কৰিলে। জানিব পৰা মতে, হাবলট এডিশ্যনৰ এই মৃল্যৱান ঘড়ীটোৰ ওপৰত আছিল মাৰাডোনাৰ স্বাক্ষৰ।শিৱসাগৰৰ পৰা গৈ ডুবাইত সেই কোম্পানীটোত কাম কৰিছিল ৱাজিদ হুচেইনে। তেতিয়াই ঘড়ীটো চোৰ কৰি আগষ্টত ঘূৰি আহিছিল অসমলৈ। শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনে জানিবলৈ দিয়া মতে, এই চোৰটোৰ সন্দৰ্ভত সকলো তথ্য সংগ্ৰহ কৰি পুৱতি নিশা চলাইছিল অভিযান। শহুয়েকৰ ঘৰত আশ্ৰয় লৈ থকাৰ সময়ত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।