হোজাই জিলাৰ ৰে'ল নগৰী লামডিঙত ৰে'লৱে ষ্টেচনৰ নৱনির্মিত লিফ্টৰ শুভ উদ্বোধন

 06/04/2019 - 20:15

লামডিং: হোজাই জিলাৰ ৰে'ল নগৰী লামডিঙত ৰে'লৱে ষ্টেচনৰ নৱনির্মিত লিফ্টটো আজি শুভ উদ্বোধন কৰা হয়। এই নৱনির্মিত লিফ্টটো শুভ উদ্বোধন কৰে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্র দেৱ আৰু ৰে'লৱে ডিভিজনেল মেনেজাৰ ৰামবাহাদুৰ ৰায়ে। লগতে উপস্থিত আছিল লামডিং মিউনিছিপাল ব'র্ডৰ সভানেত্রী স্বস্তিকা ৰাউত আৰু দেবাশীষ দাসগুপ্ত।

এই লিফ্টটো আৰম্ভ হোৱাৰ ফলত বহু যাত্রীৰ লগতে বিকলাঙ্গ বেমাৰী যাত্রীসকলৰ বাবেও লাভদায়ক হ'ব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে। আজিৰপৰা এই সুবিধা যাত্ৰীয়ে ল'ব পাৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।