দিল্লী পাব্লিক স্কুলৰ উদ্যোগত ৰঙিয়াত বিশ্ব পৰিবেশ দিৱস পালন

 06/04/2019 - 20:33

ৰঙিয়া: কাইলৈ বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বই কাইলৈ বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰিব। বিশ্ব পৰিৱেশ দিৱসৰ এদিন পূৰ্বেই আজি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে উলহ মালহেৰে বিশ্ব পৰিবেশ দিৱস পালন কৰে। এই দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সদলবলে আহি ৰঙিয়া, গোৰেশ্বৰ, মঙ্গলদৈ আৰু নলবাৰীত বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

এই উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় চৌহদত বৃক্ষৰোপণ কৰাৰ উপৰি পৰিবেশ সংৰক্ষণৰ বাবে শপত বাক্য পাঠ কৰে। শপত বাক্য পাঠ কৰোৱাই বিদ্যালয়খনৰ অধ্যক্ষা সংগীতা বড়ায়ে। ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বাটৰ নাট পৰিবেশন কৰে। এই দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লে'কাৰ্ডলৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে।

শোভাযাত্ৰাত বিদ্যালয়ৰ ৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ উপৰি কেইবাগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে। পৰিবেশ সংৰক্ষণৰ স্বাৰ্থত এই গছপুলিবোৰ জীয়াই ৰাখিবলৈকে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে ৰাইজক অনুৰোধ জনায়। ৰঙিয়াত অনুষ্ঠিত বিশ্ব পৰিবেশ দিৱসৰ এই কাৰ্যসূচীত নেতৃত্ব দিয়ে শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে জুৱলী শৰ্মা, অৰ্জুন কুমাৰ বৰ্মন আৰু তাপস চৌধুৰীয়ে।

দিল্লী পাব্লিক স্কুলৰ বিশ্ব পৰিবেশ দিৱসৰ এই কাৰ্যসূচীক একেমুখে ৰাইজে শলাগ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।