আজি ৰজনীকান্তৰ জন্মদিন

 12/12/2021 - 17:32
 
 
 
নিউজ ডেস্কঃ আজি ৰজনীকান্তৰ জন্মদিন৷ ২০২১ চনত ৰজনীকান্তৰ বয়স হ’ল ৭০ বছৰ। ডিচেম্বৰৰ ১২ তাৰিখে ৭০ বছৰত ভৰি দিলে ৰজনীকান্তে। ৰজনীকান্তৰ জন্ম হৈছিল বেংগালুৰুত। তেওঁৰ মাতৃৰ নাম জিজাবাই আৰু পিতৃৰ নাম ৰামোজি ৰাও গায়কোৱাড়। তেওঁলোক মহাৰাষ্ট্ৰৰ দম্পতী, আছিল বেংগালুৰুত।ৰজনীকান্তৰ নাম দিয়া হৈছিল শিৱাজীৰাও গায়কোৱাড়।
 
প্ৰথমে কন্নড় ভাষাত নাটকৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল ৰজনীকান্তে। সেই নাটকসমূহ আছিল পুৰাণৰ ওপৰত নিৰ্ভৰশীল। ৰজনীৰ প্ৰথম সফল ছবি বিল্লা। অমিতাভ বচ্চন অভিনীত ডনেৰ ৰিমেক। কিন্তু ৰজনীকান্তৰ প্ৰথম ছবি অপূৰ্ব ৰাগাঙ্গল।ইয়াৰ পিছত Moondru Moogam ছবিত একেলগে তিনিখন ছবিত অভিনয় কৰিছিল ৰজনীকান্তে। সেই ছবিৰ বাবে তেওঁ প্ৰথমবাৰ তামিলনাডু চৰকাৰৰ পৰা শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।