কৰিমগঞ্জত পৰিচয়হীন এটি শিশু উদ্ধাৰ

 06/04/2019 - 20:39

কৰিমগঞ্জঃ আজি কৰিমগঞ্জৰ পৰা পৰিচয়হীন এটা শিশুক উদ্ধাৰ কৰা হৈছে৷ কৰিমগঞ্জৰ আছিমগঞ্জত আজি পুৱা ৰাজু মেডিকেল হলৰ সম্মুখত কিশোৰটিক উদ্ধাৰ কৰা হয়৷

শিশুটিয়ে মাত মাতিব নোৱাৰাৰ বাবে পৰিচয় তথা ঘৰৰ ঠিকনা জানিব পৰা হোৱা নাই৷ আছিমগঞ্জ আৰক্ষী চকীত বিষয়টো জনোৱা হৈছে যদিও আৰক্ষীয়ে এতিয়াও শিশুটিৰ ঠিকনা উলিয়াব পৰা নাই৷

কোনো ব্যক্তিয়ে শিশুটিক চিনি পালে ৭০০২৪৫২৫৮৮ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।