বৰপেটাৰ শিলাত ভয়ংকৰ অগ্নিকাণ্ড, জাহ গ’ল পাঁচখন দোকান

 12/12/2021 - 18:23
 
 
 বৰপেটাঃ বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলাত কালি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত কেইবালাখ টকাৰ সা- সামগ্ৰী জুইত জাহ গৈছে। জানিব পৰা মতে, নিশা প্ৰায় ১ বজাত এই অগ্নিকাণ্ড হোৱা বুলি জানিব পৰা গৈছে। বৈদ্যুতিক শ্বৰ্টছাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে ৰাইজে।
 
নিশা দাওদাওকৈ জ্বলি থকা এই জুই ওচৰ চুবুৰীয়াই প্ৰত্যক্ষ কৰি লগে লগে হুৱা দুৱা লগায়। তাৰ পিছতে স্থানীয় একাংশ লোক উপস্থিত জুই নুমুৱাবলৈ চেষ্টা কৰে। তাৰ পিছতে ঘটনা সন্দৰ্ভত বৰপেটা অগ্নিনিৰ্বাপক বাহিনীক খবৰ কৰাত অগ্নি নিৰ্বাপক বাহিনীৰ এটি দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে পাঁচখনকৈ দোকানসহ বহু সা-সামগ্ৰী পুৰি ছাই হৈ যায়।
 
ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকল হৈছে গেলামালৰ দোকানী নিপুল খান, হুছেইন খান, ফাৰ্মাছিৰ দোকানী ময়নাল হক, হাৰ্ডৱেৰ দোকানী গোলাপ আহমেদ আৰু চাহ দোকানী হনু। ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলে ক্ষতিপূৰণৰ দাবী তুলিছে চৰকাৰ প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনৰ ওচৰত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.