পুনৰবাৰ ভাৰতীয় সৌন্দৰ্যই মুগ্ধ কৰিলে বিশ্ববাসীক, হাৰ্নাজ সান্ধুৰ শিৰত উজ্বলিল মিছ ইউনিভাৰ্ছৰ মুকুট

 12/13/2021 - 13:55
 
 
নিউজ ডেস্কঃ পুনৰবাৰ ভাৰতীয় মহিলাৰ শিৰত জিলিকিল সৌন্দৰ্যৰ খিতাপ।ভাৰতীয় সৌন্দৰ্যলৈ মিছ ইউনিভাৰ্ছ ২০২১ খিতাপ আজুৰি অনাৰ পাছতে উৎফল্লিত হৈ পৰিছে দেশবাসী৷ বিউটি কুইন হাৰ্নাজ সান্ধুৰ শিৰত উজ্বলিল মিছ ইউনিভাৰ্ছৰ মুকুট৷ সুদীৰ্ঘ ২১ বছৰৰ পাছত ভাৰতে আজুৰি আনিলে সৌন্দৰ্যই মুকুট৷ইজৰাইলৰ ইলাটত অনুষ্ঠিত প্ৰতিযোগিতাখনত হাৰ্নাজ সান্ধুৱে প্ৰতিযোগী পাৰাগুৱে আৰু দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে।
 
শেহতীয়াকৈ মেক্সিকোৰ প্ৰাক্তন মিছ ইউনিভাৰ্ছ ২০২০ এণ্ড্ৰিয়া মেজাই অনুষ্ঠানটোত হাৰ্নাজে বিজয় সাব্যস্ত কৰিছিল। আনহাতে মিছ ইউনিভাৰ্ছ অনুষ্ঠানটো বিশ্বব্যাপী লাইভ-ষ্ট্ৰীম কৰা হৈছিল।হাৰ্নাজ সান্ধুৱে মাত্ৰ ১৭ বছৰ বয়সতে সৌন্দৰ্য প্ৰতিযোগিতাৰ যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ আগতে মিছ ডিভা ২০২১, ফেমিনা মিছ ইণ্ডিয়া পাঞ্জাৱ ২০১৯ ৰ মুকুট পিন্ধিছিল আৰু তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০২১ ত শীৰ্ষ ১২ তম স্থান লাভ কৰিছিল। ২১ বছৰীয়া বিউটিকুইনগৰাকীয়ে বৰ্তমান পাব্লিক এডমিনিষ্ট্ৰেছনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।
 
টাইমছ ফ্ৰেছ ফেচ ২০২১-ৰ এক বাৰ্তালাপৰ সময়ত, হাৰ্নাজে মিছ ইউনিভাৰ্ছ ক্ৰাউনৰ বাবে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে তেওঁৰ প্ৰস্তুতিৰ বিষয়ে কৈছিল। তেওঁ কৈছিল যে, ‘মই বিশ্বাস কৰোঁ যে মই একমাত্ৰ প্ৰাৰ্থী যিয়ে প্ৰস্তুতিৰ বাবে আটাইতকৈ কম সময় পাইছিলো, কিন্তু দলটোৱে ভাৰতলৈ নতুন দিগন্তৰ সুচনা কৰিবলৈ যথেষ্ট প্ৰচেষ্টা চলাই আহিছে। আৰু মই যথেষ্ট প্ৰশিক্ষণ লাভ কৰিছো, আত্মবিশ্বাসেৰে নিজকে জিনিবলৈ যথেষ্ট চেষ্টা কৰিম। মই আপোনালোক প্ৰত্যেককে প্ৰতিশ্ৰুতি দিছো যে আপোনালোকক কেতিয়াও নিৰাশা নকৰো – এই সকলো প্ৰচেষ্টা ব্যৰ্থ নহ’ব।’
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।