মঙলদৈ সংবাদ সাহিত্য চ'ৰাৰ ব্যতিক্ৰমী প্ৰয়াস: অসমীয়া বানানৰ ওপৰত কৰ্মশালা সম্পন্ন

 06/04/2019 - 20:43

মঙলদৈ: অসম সাহিত্য সভাৰ অন্যতম শাখা, মঙলদৈ সংবাদ সাহিত্য চ'ৰাৰ উদ্যোগত আজি দৰঙৰ ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া ভাষাৰ বানানৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়। লক্ষনীয়ভাৱে অসম সাহিত্য সভাই মাতৃভাষা ৰক্ষাৰ বাবে জনসচেতনতা গঢ়ি তোলাৰ কাৰ্যসূচী চলাই থকাৰ সময়তে ভাষাটো শুদ্ধ ৰূপত উপস্হাপন কৰিবলৈ সংবাদ সাহিত্য চ'ৰাই দৰঙৰ বিভিন্ন বিদ্যালয়ত ধাৰাবাহিকভাৱে চলোৱা এই কাৰ্যসূচীয়ে শিক্ষানুষ্ঠানসমূহত জনপ্ৰিয়তা লাভ কৰিছে।

কৰ্মশালাৰ সমল ব্যক্তি হিচাপে উপস্থিত আছিল ২০১৯ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত প্ৰথম স্হান ল'বলৈ সক্ষম হোৱা শিক্ষানুষ্ঠান মঙলদৈ ব্ৰিলিয়েন্ট একাডেমীৰ শিক্ষক হীৰণ্য নাথ। লগতে উপস্থিত আছিল অসম সাহিত্য সভাৰ ৰাজ্যিক কাৰ্যনিবাহক দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ, সংবাদ সাহিত্য চ'ৰাৰ সভাপতি তথা বিষয় শিক্ষক হিতেশ হাজৰিকা৷ সংবাদ সাহিত্য চ'ৰাৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক দুলাল ডেকা আৰু বিষয় শিক্ষক হিতেশ কাকতিয়ে আঁত ধৰা আৰু বিদ্যালয়ৰ অধ্যক্ষ কমল প্ৰসাদ শৰ্মাই পৌৰোহিত্য কৰা অনুষ্ঠানটোত শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে যোগদান কৰে৷

উল্লেখযোগ্য যে সংবাদ সাহিত্য চ’ৰাই চলিত বৰ্ষত আৰু ৬ খন বিদ্যালয়ত অসমীয়া ভাষাৰ বানানৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰিব বুলি সংবাদ মাধ্যমক জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।