কামৰূপৰ দদৰাত বিশ্ব পৰিবেশ দিৱসৰ প্ৰস্তুতি পূৰ্ণিমা দেৱী বৰ্মনৰ

 06/04/2019 - 20:57

গুৱাহাটীঃ ৫ জুন বিশ্ব পৰিবেশ দিৱস। সেই দিনটোত এটা গছ পুলি ৰুই দিলেই জানো সকলো দায়িত্ব শেষ আমাৰ! এয়াই যেন এতিয়া আমাৰ বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচী। দুষ্প্ৰাপ্য হাড়গিলা সংৰক্ষণৰ বাবে বিশ্ব বিখ্যাত কামৰূপৰ দদৰা পছৰীয়া গাঁও। গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত দদৰাৰ পছৰীয়া গাঁৱৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস।

আজি পছৰীয়াত পূৰ্ণিমা দেৱী বৰ্মন আৰু হাজো চক্ৰ বিষয়া অপৰ্ণা শৰ্মাৰ প্ৰচেষ্টাত অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক লোকক বিতৰণ কৰা হয় গছ পুলি। কেৱল এয়াই নহয় হাড়গিলা সংৰক্ষণৰ বাবে পছৰীয়াৰ মহিলাক লৈ গঠন কৰি দিয়া হাড়গিলা আৰ্মীয়ে গছ ৰোপন কৰি প্ৰতিপালনৰ ফটো প্ৰতিপালনৰ সকলো আপডেট দি থাকিব লাগিব ফটো সহকাৰে Whatsapp যোগে। দুমাহ পূৰ্বে পূৰ্ণিমা দেৱী বৰ্মনে বিতৰণ কৰা গছ পুলি সঠিক ভাবে প্ৰতিপালন কৰা মহিলাসকলক পুৰস্কাৰ বিতৰণ কৰা হয়।

পৰিবেশৰ প্ৰতি সজাগতা আৰু গছ পুলি কেৱল ৰোপন নহয়, প্ৰতিপালনৰ ক্ষেত্ৰত হাড়গিলা আৰ্মীয়ে প্ৰতিনিয়ত নজৰত ৰাখে। বিশ্বৰ ৭০ শতাংশ হাড়গিলাৰ বাসস্থান দদৰা পছৰীয়াক বিশ্বৰ দৰবাৰত উজ্বলাই তোলাৰ প্ৰয়াস। হাজো ৰাজহ চক্ৰ বিষয়া অপৰ্ণা শৰ্মাৰ মতে আমি মেঘালয়ৰ মাউলিঙলৈ কিয় যাব লাগে আমি কামৰূপৰ দদৰা পছৰীয়াত তেনে পৰিবেশ গঢ় দিব পাৰো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।