চাপৰ চাহ-বাগিচাত আছা আৰু কণ কণ ছাত্র-ছাত্ৰীৰ উত্তাল প্ৰতিবাদঃ পল্লৱ লোচন দাসৰ প্ৰতিমূৰ্তি দাহ

 12/14/2021 - 13:30
 
 
 
    
চাপৰঃ শিক্ষাৰ অধিকাৰ বিচাৰি চাপৰ চাহ-বাগিচত ধুবুৰী জিলা "আছা" আৰু কণ কণ ছাত্র-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। মূলত বাগিচা অঞ্চলত অসম চৰকাৰে প্ৰদান কৰিছিল মডেল হাইস্কুল কিন্তু আজিলৈকে চাপৰ চাহ-বাগিচাত একমাত্ৰ বাগিচাখনৰ পৰিচালক মনোজ ৰায়ে NOC নিদিয়াত মডেল হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই।
 
উক্ত আদৰ্শ হাইস্কুল সন্দৰ্ভত স্ব-জাতি নেতা পল্লৱ লোচন দাসৰ প্ৰতিমূৰ্তি দাহ কৰি কয় যে মালিক পক্ষৰ লগত মিতিৰালি কৰি নেতা গৰাকীয়ে জাতীয় দায়িত্ব আওকাণ কৰি আহিছে। লগতে বিজেপি চৰকাৰে আদিবাসী সকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে।ইপিনে আছাৰ উপ-সভাপতি গৰাকীয়ে সাংবাদিকৰ আগত কয় যে চাহ-বাগিছাৰ ল’ৰা-ছোৱালীক শিক্ষিত নকৰি মাওবাদী সজোৱাৰ চেষ্টা কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।