12/14/2021 - 14:02
in
খাৰুপেটীয়াঃ গড়কাপ্তানী বিভাগৰ এটি জৰাজীৰ্ণ পথে বছৰ বছৰ ধৰি জ্বলাকলা খুৱাইছে খাৰুপেটীয়াৰ চৰাঞ্চলৰ হাজাৰ হাজাৰ ৰাইজক। এটা দহক পূৰ্বে অসম চৰকাৰৰ গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰা পকী পথটো মেৰামতিৰ অভাৱত জহি খহি জৰাজীৰ্ণ হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হৈছে পথচাৰী সকল।
উল্লেখ্য যে আজিৰ পৰা দহ পোন্ধৰ বছৰ পূৰ্বে দলগাঁও আৰু মঙলদৈ সমষ্টিৰ সীমাৰে খাৰুপেটীয়াৰ পৰা মাগুৰমাৰী চৰহৈ পাৰ ঘাটলৈ যোৱা পথটো নিৰ্মাণ কৰে যদিও বৰ্তমান ব্যস্ত পকী পথটো জহি খহি যান-বাহন চলাচলৰ অনুপযোগী হৈ পৰিছে। উক্ত পথটোৰে দুয়োটা সমষ্টিৰ হাজাৰ হাজাৰ কৃষকে তেওঁলোকৰ উৎপাদিত শাক-পাচলি আদিৰ লগতে বিভিন্ন কৃষিজাত সা-সামগ্ৰী বজাৰলৈ অনানিয়া কৰে যদিও মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নাই বিয়াগোম বিভাগটোৰ বৰমুৰীয়া তথা জন প্ৰতিনিধিসকলৰ। যাৰ ফল ভোগ কৰিবলগীয়া হৈছে দুয়োটা সমষ্টিৰ হাজাৰ হাজাৰ ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলেও।