পাৱৈ-লিডু সংযোগী বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথে জ্বলা-কলা খুৱাইছে ৰাইজক: বিধায়কৰ কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ

 06/04/2019 - 20:58

মাৰ্ঘেৰিটা: ৰাজ্যখনৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ পাৱৈৰ পৰা লিডুলৈকে ৩৮ নং ৰাষ্টীয় ঘাইপথৰ দুৰৱস্থাই সকলোকে জ্বলাকলা খুৱাই অহাৰ সময়ত সবিশেষ উল্লেখ কৰি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই ৩ জুনত কেন্দ্ৰীয় গড়কাপ্তানী মন্ত্ৰীলৈ বিধ্বস্ত পথৰ আলোকচিত্ৰ আৰু ভিডিঅ' ফুটেজসহ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি অতিশীঘ্ৰে পথ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে।

পত্ৰখনত বিধ্বস্ত পথৰ বাবে ৰাইজে সন্মুখীন হৈ অহা সমস্যাৰ কথাও উল্লেখ কৰিছে। উল্লেখযোগ্য যে এই পথৰ বিধ্বস্ত অংশৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই বিগত বৰ্ষৰ পৰাই বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ লগতে ককৰ্থনাৰ সন্মুখীন হৈ আহিছে। স্মাৰক পত্ৰখনৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী, গড়কাপ্তানী মন্ত্ৰীলৈ প্ৰেৰণ কৰিছে বিধায়কগৰাকীয়ে। উল্লেখযোগ্য যে বিগত প্ৰায় তিনিবছৰে পথটোৰ বিভিন্ন অংশ ক্ৰমাৎ জহি খহি গৈ দ গাতৰ সৃষ্টি হৈছে। তাৰোপৰি খৰালি এই পথ ধূলিময় হৈ পৰে আৰু বাৰিষা ঠাইয়ে ঠাইয়ে এআঠু পানী।

যাৰ ফলত পথচাৰী, গাড়ী চালকৰ বাবে এই পথ হৈ পৰিছে মৰণফান্দ। যাৰ ফলত নিয়মিত অধিক বিধ্বস্ত অংশত যান বাহন আৱদ্ধ হৈ পৰি ঘণ্টা ঘণ্টা ধৰি স্বাভাৱিক জীৱন বিঘ্নিত হৈ আহিছে। ইয়াৰোপৰি দুৰ্ঘটনাগ্ৰস্ত হৈ বিভিন্নজনে আঘাতপ্ৰাপ্ত হ'ব লগা হৈছে। উল্লেখযোগ্য যে এই পথছোৱা পুনঃ নিৰ্মাণৰ দাবীত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই ধাৰাবাহিকভাৱে আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। সেইদৰে এই বিধ্বস্ত পথৰ বাবে অধিক সমস্যাৰ সন্মুখীন হৈ অহা যাত্ৰীবাহী অটো, মেজিক আৰু বিক্ৰম চালক আৰু মালিকসকলে পথ অৱৰোধৰ লগতে বিভিন্ন ধৰণে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি আহিছে। এই বিধ্বস্ত পথৰ সাময়িক সকাহৰ বাবে শিল বালি দি বিধ্বস্ত অংশ যাতায়তৰ উপযোগ্য কৰি তুলিবৰ বাবে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ উদ্যোগত প্ৰচেষ্টা চলাই থকা হৈছে যদিও এজাক বৰষুণ দিলেই পুনৰ আগৰ অৱস্থা হয়।

এই পথছোৱাৰ বাবে বিধায়ক শৰ্মাই বিভিন্ন দল সংগঠন তথা ৰাইজৰ কটু সমালোচনা আৰু ধিক্কাৰৰ সন্মুখীন হৈ অহাৰ সময়ত কেন্দ্ৰীয় বিভাগীয় মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাটোৱে তাৎপৰ্য বহন কৰিছে। জানিব পৰা মতে বিধায়ক শৰ্মাই এই স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছতে আজি NHIDCL ৰ কেইবাজনো বিষয়াই বিধ্বস্ত পথটি পৰিদৰ্শন কৰে। বিষয়া দলটোৱে জুন মাহৰ ভিতৰতে সম্পূৰ্ণ যাতায়ত অনুপযোগ্য হৈ পৰা পথটোৰ অংশৰ নিৰ্মাণ কাম আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে।

গুৰুত্বপূৰ্ণ কথা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই নিয়মিত পথটো নিৰ্মাণ নিশ্চিত কৰিবৰ বাবে বিভিন্ন পক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। অতি ভয়াবহ হৈ পৰা এই পথৰ বিধ্বস্ত অংশ ভৰ বাৰিষাৰ পূৰ্বে নিৰ্মাণ নকৰিলে স্থানীয় বিধায়ক তথা চৰকাৰখন যে জনৰোষত পৰিব সেইয়া নিশ্চিত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।