হৰেন বাগচী বিশ্বাস নামৰ লোকজনৰ গোচৰ উচ্চ ন্যায়ালয়ত, ভাৰতীয় নোটত গান্ধীৰ দৰে থাকিব লাগে নেতাজিৰ ছবি!

 12/14/2021 - 17:54
 
 
নিউজ ডেস্কঃ ৯৪ বছৰীয়া হৰেন বাগচী বিশ্বাস নামৰ লোকজনে নেতাজী সুভাষ চন্দ্ৰ বসুৰ আলোকচিত্ৰ ভাৰতীয় ধনত মুদ্ৰন কৰাৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ত এখন আৱেদন দাখিল কৰিছে। ভাৰতীয় নোটত জাতিৰ পিতা মহাত্মা গান্ধীৰ দৰে থাকিব লাগে সুভাষ চন্দ্ৰ বসুৰ প্ৰতিচ্ছবি৷তেওঁৰ অভিযোগ যে, ‘ভাৰতীয় নোটত মহাত্মা গান্ধী নহয়, থাকিব লাগিব সুভাষ চন্দৰ বসুৰ আলোকচিত্ৰ’৷
 
নেতাজী সুভাষ চন্দ্ৰ বসুৰ আলোকচিত্ৰ ভাৰতীয় নোটত মুদ্ৰন কৰাৰ বাবে তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰ দাখিল কৰিছিল।গোচৰটোত, হৰেন বাগচী বিশ্বাসে সুধিছিল যে, নেতাজীৰ ছবি ‘মহাত্মা গান্ধীৰ দৰে’ ভাৰতীয় ধনত কিয় যোগ কৰিব নোৱাৰি। আৱেদনকাৰীয়ে লগতে দাবী কৰিছিল যে, ভাৰত চৰকাৰে এতিয়ালৈকে স্বাধীনতা সংগ্ৰামত নেতাজী সুভাষচন্দ্ৰৰ অৱদানক ‘সঠিকভাৱে স্বীকৃতি’ দিয়া নাই।ইয়াৰ পৰিপ্ৰেক্ষিতত, কলিকতা উচ্চ ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰক আঠ সপ্তাহৰ ভিতৰত আৱেদনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিয়ে।
 
সোমবাৰে অতিৰিক্ত ছলিচিটৰ জেনেৰেল ৱাই জে দস্তুৰে বিষয়টোত শপতনামা দাখিল কৰিবলৈ সময় বিচাৰিলে, মুখ্য ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ন্যায়াধীশ ৰাজৰ্ষি ভৰদ্বাজৰ বিচাৰপীঠে কেন্দ্ৰক আঠ সপ্তাহৰ ভিতৰত আৱেদনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।