12/14/2021 - 19:48
in
নিউজ ডেস্কঃ অসমৰ এক কিলোগ্ৰাম চাহৰ মূল্য উঠিল ৯৯,৯৯৯.০০ টকালৈ।ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাৰ 'মনোহাৰী গোল্ড টী' চাহ নিলাম কেন্দ্ৰত সৌৰভ টী ট্ৰেডাৰ্ছে ক্ৰয় কৰে এই মূল্যত। চাহৰ নিলাম বজাৰত আজি এই সৰ্বোচ্চ মূল্যত চাহ নিলাম কৰিবলৈ সক্ষম হয়। পূৰ্বে তিনিবাৰকৈ অভিলেখ গঢ়া ডিব্ৰুগড়ৰ মনোহাৰী চাহ বাগিচাই পুনৰ নিজৰ অভিলেখ নিজেই ভাঙি গঢ়িবলৈ সক্ষম হয়।ডিব্ৰুগড়ৰ এই মনোহাৰী চাহ বাগিচাই চাহ নিলামৰ ক্ষেত্ৰত পূৰ্বে বিগত ২০১৮ চনত এক কেজি চাহত ৩৯,০০১ টকাত নিলাম কৰি অভিলেখ গঢ়িছিল।পুনৰ ২০১৯ চনত নিজৰেই ৰেৰ্কড ভংগ কৰি এক কেজি চাহ নিলাম কৰিছিল ৫০ হাজাৰ টকাত। পুনৰ ২০২০ চনত ৭৫০০০ টকাত বিক্ৰী কৰি নিজৰ অভিলেখ ভংগ কৰিছিল।পুনৰ মনোহাৰী চাহ বাগিচাই বিশ্বৰ চাহৰ বজাৰৰ সৰ্বোচ্চ মূল্যৰ সীমা অতিক্ৰম কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে চাহ নিলাম কেন্দ্ৰৰ পৰা 'Saurav Tea Traders'য়ে এই চাহ সৰ্বোচ্চ দৰত ক্ৰয় কৰে মঙলবাৰে। মনোহাৰী চাহ বাগিচাই চলিত বছৰত মাত্ৰ ২ কেজিহে গোল্ড চাহ তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল।