এজিপি-বিজেপিৰ মিত্ৰতা: স্থিতি স্পষ্টৰ দাবী সুকুমাৰৰ

 03/13/2019 - 16:20

বৰবালাঃ সম্প্ৰতি সকলো নীতি-আদৰ্শক ভৰিৰে মোহাৰি এজিপি-বিজেপিয়ে একমাত্ৰ গাদী ৰক্ষাৰ স্বাৰ্থত সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিৰ্বাচনী মিত্ৰতা ঘোষণা কৰে। এই ঘোষণাত আশ্চৰ্য প্ৰকাশ কৰিছে সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসে।

সুকুমাৰ বিশ্বাসে কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰি অহা দল দুটা নিশাটোৰ ভিতৰতে একগোট হোৱাৰ চৰ্ত কি সেয়া ৰাজ্যবাসীয়ে জানিব বিচাৰিছে। অতিশীঘ্ৰে দল দুটাই সেয়া স্পষ্ট কৰিব লাগিব। উল্লেখ্য যে, ৰাইজক পুনৰবাৰ অন্ধকাৰত ৰাখি চালে-বেৰে কোবাই ভোট বৈতৰণী পাৰ কৰিব খুজিলে দুয়োটা দলেই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি মত ব্যক্ত কৰে সুকুমাৰ বিশ্বাসে।

তদুপৰি বিশ্বাসে কয় যে, এজিপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰিলে নে বিজেপিয়ে বিলৰ বিপক্ষে স্থিতি ল’লে সেয়া স্পষ্ট কৰক। ৰাজনীতি জটিল হ’লেও নীতি, আদৰ্শ সৰল আৰু স্পষ্ট হ'ব লাগে। অন্যথা দুয়োটা দলেই আগন্তুক লোকসভা নিৰ্বাচনত ক্ষতি হোৱাটো খাটাং বুলিও মত প্ৰকাশ কৰে নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰো আহ্বায়ক সুকুমাৰ বিশ্বাসে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।