নিৰ্বাচন মানেই যেন প্ৰতিশ্ৰুতিৰ ফুলজাৰি, অৰবিন্দ কেজৰিৱালে মহিলাক মাহে ১,০০০ আৰু নিবনুৱাক দিব ৫,০০০ টকাকৈ

 12/15/2021 - 13:22
 
 
 
নিউজ ডেস্কঃ দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰ মাহ বাকী৷ এই সময়ছোৱাতে শাসকীয় দলৰ পৰা আৰম্ভ কৰি বিৰোধী দললৈকে সকলো ব্যস্ত হৈ পৰিছে নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰাত৷ উত্তৰাখণ্ডতো হ’ব লগা বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে আম আদমি পাৰ্টিয়ে৷ আপৰ মুখ্য নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে উত্তৰাখণ্ডত ঘোষণা কৰে মহিলা আৰু নিবনুৱাৰ বাবে বিশেষ সুবিধা৷যদিহে ২০২২চনত আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰে তেন্তে ৰাজ্যখনৰ সকলো প্ৰাপ্তবয়স্ক মহিলাই মাহিলী ১,০০০ টকা আৰু নিবনুৱা যুৱকে চাকৰিৰ সন্ধান কৰিবৰ বাবে লাভ কৰিব ৫,০০০ টকা৷ ইয়াৰ উপৰি কেজৰিৱালে আপ শাসনলৈ আহিলে প্ৰত্যেগৰাকী নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে কাশীপুৰ, ৰানিখেট, ৰুৰকী, দিদিহাট, য়ামুনট্ৰি আৰু কটদ্বাৰ এমাহৰ ভিতৰতে জিলা ঘোষণা কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ইয়াৰ উপৰি কেজৰিৱালে কয় যে উন্নয়নৰ এক নমুনা দিল্লী৷ উন্নত চৰকাৰী বিদ্যালয়, চিকিৎসালয়েৰে উজ্বলি উঠা দিল্লীৰ দৰেই উত্তৰাখণ্ডতো উপলব্ধ হ’ব সেৱা-সুবিধা৷ তেঁও কয় যে, “দিল্লীত আমি ১০লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিছো৷ ইয়াত কিয় নোৱাৰিম৷” উধাম সিং নগৰ জিলাৰ কাশীপুৰৰ এক ৰাজহুৱা সভাত অংশ লৈ কেজৰিৱালে কয় যে “মই ৰাজনীতি কৰিব নাজানো, কিন্তু কাম কৰিব জানো৷”
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।