12/15/2021 - 13:49
in
মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীস্থিত হাটশিঙিমাৰী প্ৰেছ ক্লাবত ৰাইজৰ দলৰ মুখ্য পাত্ৰ আনিচুৰ ৰহমানে জিলা বিজ্ঞান কেন্দ্ৰ, সমষ্টি ভিত্তিত mini stadium আৰু গুদামঘৰ সম্পৰ্কে সংবাদমেল সম্বোধন কৰে৷ দক্ষিণ শালমাৰা মানকাচাৰ জিলা অসম ভিতৰত অতিকৈ এখন পিছপৰা জিলা। উক্ত জিলাখনত চৰকাৰী বিষয়া-কৰ্মচাৰী সকলৰ অনিহাৰ বাবে আৰু জিলাখনৰ দুই বিধায়কৰ অকৰ্মন্যতাৰ ফলত হয়তো এই জিলা অনাগত দিনত পিছপৰি থকাৰ লগতে অনুন্নত হৈ থাকিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ অসমৰ প্ৰতিখন জিলাত চৰকাৰে এখনকৈ(জিলা বিজ্ঞান কেন্দ্ৰ) স্থাপনৰ কৰাৰ ব্যৱস্থা হাতত লৈছে। ইতিমধ্যে বিভিন্ন জিলাত বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে।
কিন্তু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ বাবে জিলা প্ৰশাসনক উপযুক্ত ভূমি দিব নোৱাৰাৰ বাবে জিলা খনৰ বিজ্ঞান কেন্দ্ৰ খন নিৰ্মান নোহোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। একাংশ ৰাজনৈতিক নেতা নিজ স্বাৰ্থৰ পুৰণৰ উদ্দেশ্যে নিজৰ ঠাই উন্নয়নৰ স্বার্থত কালাপানীত এলেকাৰ মাটি প্ৰদান কৰাৰ ফলত উক্ত মাটিত চৰকাৰে সন্তুষ্ট হোৱা নাই ফলত District Science Centre হেৰুৱাব লগা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে আনিচুৰ ৰহমানে৷ আমাৰ জিলাত ভাল ঠাইত মাটি নাই নেকি বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে ভুমি কেলেংকাৰী কৰাত জিলাখন প্ৰথম স্থানত বুলি মন্তব্য কৰে৷ আনহাতে অসমৰ প্ৰতিটো সমষ্টিৰ এখনকৈ mini Stadium নিৰ্মাণ হ’ব। কিন্তু দক্ষিণ শালমাৰা সমষ্টিত মাটিৰ অভাৱত mini stadium খন হেৰুৱাব লগা হৈছে। দক্ষিণ শালমাৰা সমষ্টিত বহুত খাচ মাটি থকাৰ উপৰিও ফকীৰগঞ্জৰ নস্কৰা নামৰ ঠাইত চৰণীয়া পথাৰ নামত প্ৰায় ৩০০ বিঘা মাটি থকা সত্যও মাটি নাই বুলি কোৱা হৈছে বুলি মন্তব্য কৰে৷ ইয়াৰ আঁৰৰ ৰহস্য কি? কাৰ নিৰ্দেশ চক্ৰ বিষয়া এই কাম কৰিছে।
এই ক্ষেত্ৰত দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক আৰু মানকাচৰ সমষ্টিৰ বিধায়ক একেবাৰে নিমাত হৈ আছে বুলি অভিযোগ উত্থাপন কৰিছে৷ চৰকাৰ দক্ষিণ শালমাৰা মানকাচাৰ জিলাক সদায় মাহীয়েক চকুৰে চাই আহিছে আৰু সদায় জিলাবাসিক চৰকাৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পৰা বঞ্চিত কৰি ৰাখিছে বুলি মন্তব্য কৰে। শেহতীয়াভাৱে চৰকাৰে কৃষক বাবে অভিলাষী আঁচনি গ্ৰহণ কৰি অসমৰ ১১০ টা সমষ্টিত গুদাম ঘৰ নিৰ্মাণ সিদ্ধান্ত লৈছে কিন্তু সেই তালিকাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুইটা সমষ্টিৰ নাম নথকাত জাঙুৰ খাই উঠিছে ৰাইজৰ দলৰ মুখ্য পাত্ৰ আনিচুৰ ৰহমান।