12/15/2021 - 16:15
in
চাপৰঃ ধুবুৰী জিলাৰ চাপৰ শালকোছাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজ সুৰাৰ বিপনী বাতিলৰ দাবীত চৰকাৰক স্মাৰক পত্ৰ তথা পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো শালকোছাত বিলাতী সুৰাৰ অনুজ্ঞাপত্ৰ দিছিল। তাৰ প্ৰতিবাদত আজি আছু, আক্ৰাছু গড়িয়া মৰীয়া দেশী জাতীয় পৰিষদৰ লগতে বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়েও ১৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহে।
সুন্দৰভাৱে চলি থকা গণতান্ত্ৰিক আন্দোলনত দণ্ডাধীশৰ অনুপস্থিতিত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াই হঠাৎ ছাত্ৰ-ছাত্ৰী তথা মহিলাৰ ওপৰত বৰ্বৰ লাঠি চালনা কৰাত পৰিস্থিতি বেয়াৰ পিনে ঢাল খায়। দণ্ডাধীশৰ অনুপস্থিতিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে মহিলাৰ ওপৰতো স্বয়ং মহকুমা আৰক্ষী বিষয়াই কৰিলে লাঠি চাৰ্চ।
পিছত চাপৰ ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হয় যদিও আৰক্ষীৰ লাঠিচালনা অব্যাহত থাকে। এতিয়া প্ৰশ্ন হয় দণ্ডাধীশৰ অনুপস্থিতিত আৰক্ষী বিষয়া গৰাকীক প্ৰতিবাদকাৰী মহিলাৰ ওপৰত লাঠি চাৰ্চ কৰিবলৈ অনুমতি দিলে কোনে? সেয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰা পৰিলক্ষিত হয়।